নিউজ ডেস্ক– লুঙী পিন্ধি নৃত্যৰত খেলুৱৈ হৰভজন সিঙৰ এখন ফটো ভাইৰেল ছ’চিয়েল মিডিয়াত। সকলো হতভম্ব খেলুৱৈগৰাকীক দেখি। নানাজনৰ নানাধৰণৰ প্ৰশ্ন। পিছে আচল কথাটো হ’ল অতি শীৰ্ঘ্ৰেই এখন তামিল চলচ্চিত্ৰত দেখা পোৱা যাব ক্ৰিকেটাৰ হৰভজন সিঙক।
এইয়া আপকামিঙ তামিল চিনেমা ‘ফ্ৰেণ্ডশ্বিপ’ হে দৃশ্যাংশ। অভিনেতাজনে নিজৰ টুইটাৰ হেণ্ডেলত চিনেমাখনৰ এটি গীতত শ্বুটিঙৰ সময়ৰ এখন ফটো শ্বেয়াৰ কৰিছে।
ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ যায় এই ফটোখন। ২০২০বৰ্ষতে জুন মাহত খেলুৱৈ গৰাকীয়ে চিনেমাখনৰ প’ষ্টাৰ শ্বেয়াৰ কৰিছিল।
চিনেমাখনৰ কাহিনী আৰু পৰিচালনা জন প’ল ৰাজ আৰু শ্যাম ছুৰিয়াৰ। চিনেমাখনত হৰভজনৰ লগত অভিনয় কৰিছে শ্ৰী লংকাৰ লছলীয়া মাৰিয়ানেছানে।
এই বৰ্ষতে এই চিনেমাখনে মুক্তি লাভৰ কথা। পিছে চিনেমাখনে কেতিয়া মুক্তি লাভ কৰিব সেই কথা এতিয়াও জনোৱা খেলুৱৈ গৰাকীয়ে।