নিউজ ডেস্ক: দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী কৰিণা কাপুৰ খান।

যোৱানিশা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কৰীণাক। ২১ ফেব্ৰুৱাৰীৰ পুৱা কৰীণাৰ কোলালৈ আহিল এটি পুত্ৰ সন্তান।

কৰিণাৰ অনৰাগীসকলক এই সুখবৰটো জনাইছে কৰিণা-ছইফৰ ঘনিষ্ঠ ব্যক্তি ডিজাইনাৰ মনীষ মালহোট্ৰা আৰু কৰিণাৰ ভতিজী ৰিদ্ধিমা কাপুৰ।

২০১৬ চনত তেওঁলোকৰ সংসাৰলৈ আহিছিল পুত্ৰ সন্তান টাইমূৰ আলি খান।

২০২০ চনৰ আগষ্ট মাহত কৰিণা পুনৰ গৰ্ভৱতী হোৱাৰ কথা পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply