নিউজ ডেস্ক- কৰোনাত আক্ৰান্ত হ’ল বলীউদৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং । মঙলবাৰে অভিনেত্ৰী গৰাকীৰ আক্ৰান্ত হোৱাৰ তথ্য সামাজিক মাধ্যম যোগে ব্যক্ত কৰে। বৰ্তমান সময়ত কোৱাৰেন্টাইনত আছে অভিনেত্ৰী গৰাকী।
কৰোণাত আক্ৰান্ত হোৱা অভিনেত্ৰী গৰাকীক টুইটটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড ১৯ৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। অভিনেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি অভিনেত্ৰী গৰাকীয়ে জনিব দিয়ে ।
অভিনেত্ৰী গৰাকীয়ে হাইদৰাবাদত অজয় দেৱগণৰ ‘মিড ডে’ নামৰ চিনেমা খনৰ অভিনয়ত ব্য়স্ত হৈ থকাৰ সময়তে কৰোণা ভাইৰাছত আক্ৰান্ত হয়।