নিউজ ডেস্ক– কিছু দিন ধৰি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সম্পৰ্কই সংবাদমাধ্য়মৰ শিৰোনাম দখল কৰি আহিছে। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ খবৰো চৰ্চিত হৈ আছে। কিন্তু বিয়াৰ দিন সম্পৰ্কে সঠিক ভাৱে একো সিদ্ধান্ত জনোৱা নাই ৰণবীৰ- আলিয়াই। দুয়োগৰাকী চেলিব্ৰিটীৰ বিবাহক লৈ সম্প্ৰতি চলি থকা আলোচনাৰ মাজতে শেহতীয়াকৈ এটা ডাঙৰ খবৰ আহিছে চৰ্চালৈ। প্ৰাপ্ত তথ্য় অনুসৰি ৰাজস্থানৰ ৰণথম্ভোৰত দুয়োগৰাকীয়ে গোপনীয়তাৰে বিবাহ অনুষ্ঠিত কৰাৰ বাবে চলাইছে যো-জা।
মংগলবাৰে মুম্বাই বিমান বন্দৰৰ পৰা ৰণবীৰ-আলিয়াই জয়পুৰ অভিমুখে ৰাওনা হৈছে। দুয়োৰে লগত ৰণবীৰৰ মাতৃ নীতু কাপুৰো আছিল। তেওঁলোকক সংগ দিছে ৰণবীৰ সিং আৰু দীপিকা পাদুকনে। ইয়াৰ লগতে পৰিচালক কৰণ জোহৰ গোৱাৰ পৰা ৰাজস্থানলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। ৰণবীৰ-আলিয়াৰ পৰিয়ালৰ লগতে বন্ধু ৰণবীৰ-দীপিকা, কৰণ জোহৰ আদিৰ একেলগে ৰাজস্থান গমনে সেয়েহে অনুৰাগীৰ মাজত সৃষ্টি কৰিছে কৌতূহল।
ইতিমধ্যে ৰাজস্থানৰ পৰ্যটনস্থল ৰণথম্ভোৰৰ অভিজাত হোটেল অমন-ই-খাছত থিতাপি লৈছে দুয়োগৰাকীৰ পৰিয়াল।
খবৰ অনুসৰি এয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিশেষ এংগেজমেণ্ট পাৰ্টীৰহে আয়োজন। পিছে এংগেজমেণ্ট পাৰ্টীৰ আয়োজনৰ বাবে ইমান চুপে-চাপে কিয় এই মুহূৰ্তত সকলোৱে তাকেহে প্ৰশ্ন কৰিছে।