কন্যাৰ সৈতে বিৰাট-অনুষ্কা

নিউজ ডেস্ক– অৱশেষত আনুষ্ঠানিকভাৱে বিৰাট-অনুষ্কাই ঘোষণা কৰিলে তেওঁলোকৰ সন্তানৰ নাম। প্ৰথমবাৰলৈ কোলাত সন্তানক লৈ ছ’চিয়েল মিডিয়াত অনুষ্কাই প’ষ্ট কৰিলে কন্যাৰ ফটো।

কন্যা সন্তানটোক ছ’চিয়েল মিডিয়াৰ সম্পূৰ্ণ আঁতৰাই ৰাখিছিল বিৰাট-অনুষ্কাই। অৱশেষত কন্যাৰ নামৰ সৈতে বিৰাট-অনুষ্কাই ইনষ্টাগ্ৰামত প’ষ্ট কৰে এখন ফটো।

প’ষ্টটোৰ কেপচনত অনুষ্কাই লিখে, ” আমি প্ৰেম, কৃতজ্ঞতাৰ সৈতে একেলগে জীয়াই আছো। কিন্তু এই কণমাণি ভামিকাই ইয়াক এক নতুন পৰ্যায়লৈ লৈ গৈছে। চকুপানী, হাঁহি, আনন্দ যিবোৰ কেতিয়াবা মিনিটৰ ভিতৰত অনুভৱ কৰা আৱেগ !”

লগতে শুভাকাংশী সকলকো ধন্য়বাদ জ্ঞাপন কৰে অনুষ্কাই। বিৰাট- অনুষ্কাই সন্তানটোৰ নাম ৰাখিছে ‘ভামিকা’। বিৰাটৰ নামৰ প্ৰথম বৰ্ণ আৰু অনুষ্কাৰ নামৰ শেষৰ বৰ্ণ লগ লগাই ‘ভামিকা’ নাম ৰাখিছে দুয়ো।

বহুদিনৰ পৰা বিৰাট -অনুষ্কাৰ কন্যা সন্তানটোক চাবলৈ উৎসুক হৈ আছে অনুৰাগী সকল। ছ’চিয়েল মিডিয়াত কন্যা সন্তানটোক আশীষ আৰু প্ৰশংসাৰে উপচাই পেলাইছে অনুৰাগী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply