নিউজ ডেস্ক– দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে বলীউদ অভিনেত্ৰী কৰীণা কাপুৰ খান। সেইবাবে নিজৰ স্বাস্থ্য়ৰ প্ৰতি বিশেষ যত্ন লৈছে অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত খুবেই এক্টিভ হৈ থকা অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নিজৰ ফটোসমূহ শ্বেয়াৰ কৰি থাকে। এইবাৰ গৰ্ভৱতী হোৱা ফটো সমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

অভিনেত্ৰীগৰাকীয়ে যোগাসন কৰি থকা ফটোসমূহ খুবেই ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। লগতে যোগাসনৰ ভিডিঅ’ প’ষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে।
প্ৰকৃততে এটা স্প’ৰ্টছ ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে অভিনেত্ৰী গৰাকীয়ে কৰিছিল ফটোশ্বুট । ইয়াৰ পাছতেই অভিনেত্ৰী গৰাকীৰ ফটোসমূহ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়া মাধ্য়মত। ফটোসমূহতো কৰীণাই সেই ব্ৰেণ্ডৰ কাপোৰ পৰিধান কৰা দেখা গৈছে। ফটোৰ কেপচনত লিখিছে, “A Little Bit Of Yoga, A Little Bit Of Calm”
”অলপ যোগাসন, অকণমান শান্তি” , ইয়াৰ দ্বাৰা অভিনেত্ৰীগৰাকীয়ে ইয়াকে বুজাইছে গৰ্ভৱতী মহিলাৰ বাবে যোগাসন কিমান প্ৰয়োজনীয়।
যি কি নহওঁক অভিনেত্ৰী গৰাকীৰ যোগাসনৰ ফটোসমূহ খুবেই পচন্দ কৰিছে অনুৰাগীসকলে।