নিউজ ডেস্ক– বলীউদ তথা দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানে ডেটিঙ কৰি আছে অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে। অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াতো শান্তনুৰ সৈতে ফটো শ্বেয়াৰ কৰিছে।

পিছে এই সন্দৰ্ভত আনুষ্ঠানিক ভাৱে একো মন্তব্য় কৰা নাই শ্ৰুতিয়ে। বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে শান্তনু হাজৰিকাইয়ো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীৰ ফটো। লগতে কেপচনত লিখিছে, ‘ Happy Birthday Princes’

ইয়াৰ পিছতেই ভাইৰেল হৈ পৰে শ্ৰুতি- শান্তনুৰ এই খবৰে।

শান্তনু হাজৰিকা হৈছে এজন অভিযন্ত্ৰাৰ লগতে হিপ-হপ শিল্পী। ২০১৪ চনত তেওঁ ”RedBull World Doodle Art Champion 2014” লাভ কৰিছিল। ২০১৪ চনত দক্ষিণ আফ্ৰিকাত এখন আৰ্ট প্ৰতিযোগিতাত অংশ ল’বলৈ যাওঁতে শান্তনুৰ ‘Doodle’ কেৰিয়াৰ আৰম্ভ হৈছিল।

কেইদিনমান পূৰ্বে দুয়োকে হায়দৰাবাদৰ বিমানবন্দৰতো একেলগে দেখা গৈছিল।

ইফালে, তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰ্যায় বুলি অভিহিত কৰি ইনষ্টাগ্ৰামত শ্ৰুতি হাছানে লিখে, “এইয়া মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অধ্য়ায় আৰু মই জীৱনত পোৱা শিক্ষা আৰু এই যাত্ৰাৰ বাবে কৃতজ্ঞ। মই মোৰ জন্মদিনক ইমান বিশেষ কৰি তোলাৰ বাবে মোৰ ভাৰ্চুৱেল পৰিয়াললৈ ধন্যবাদ জনাবলৈ এক ছেকেণ্ড ল’ব বিচাৰো।”

সম্প্ৰতি দুয়োজনৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে স্পষ্ট নহয় যদিও এই যুটিক লৈ বহুতো চৰ্চাও চলিছে ছ’চিয়েল মাধ্য়মত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply