গুৱাহাটী- পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া চলচ্চিত্ৰ। ১৩ সংখ্যক জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘পৰিচয়ে’ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
এই চিনেমাখনে জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মহিলা ছবি, য়েল্ল’ ৰোজ (আগন্তুক ফিল্মৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে) আৰু বিশেষ জুৰিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে ১৩ সংখ্যক জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (JIFF)ৰ পাঁচদিনীয়া ডিজিটেল সংস্কৰণ মঙলবাৰে সমাপ্ত হয়।
এই চিনেমাখন প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত পৰিচালনা কৰিছে ৰাজীৱ বৰঠাকুৰে আৰু প্ৰযোজনা কৰিছে ৰিণিকি ভূঞা শর্মাই।