শীৰ্ঘ্ৰেই বিবাহপাশত আবদ্ধ হ'ব ভৃগু কাশ্যপ-প্ৰিয়ম পল্লৱী

গুৱাহাটী– বিবাহৰ বান্ধোনেৰে বান্ধ খাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱী। অহা ১মাৰ্চত ভৃগু- প্ৰিয়মৰ বিয়া। গুৱাহাটীৰ ৰাণীৰ চেং ৰিজৰ্টত অনুষ্ঠিত হ’ব তেওঁলোকৰ বিবাহ। জানিব পৰা মতে ভৃগু- প্ৰিয়মৰ বিয়াৰ বিশেষ আকৰ্ষণ হিচাপে ৰাছিয়াৰ পৰা আমন্ত্ৰণ কৰা হৈছে চাৰি গৰাকীকৈ নৃত্যশিল্পীৰ লগতে থাকিব দুজন ডি.জে । লগতে থাকিব অসমৰ বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পী।

ভৃগু কাশ্যপৰ জনপ্ৰিয় ‘লাজে লাজে’ গীতটিৰ শ্বুটিঙৰ সময়ৰ পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্ক।অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াতো ভৃগু কাশ্যপৰ সৈতে ফটো শ্বেয়াৰ কৰিছে । বহুদিন ধৰি তেওঁলোকে ইজনে সিজনক ডেটিং কৰি আছে। অৱশেষত দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিয়াত বহিব দুয়ো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply