গুৱাহাটী – অসমীয়া ছবি জগতালৈ আশাৰ বতৰা কঢ়িয়াই সংযোজন হ’ব এখন নতুন ছবি ‘যোদ্ধা’ (দ্যা ৱাৰীয়ৰ অৱ লাইফ)। পৰিমল এন্টাৰপ্ৰাইজৰ বেনাৰৰ তলত মুক্তি পাব লগা ছবিখনৰ বুধবাৰে অনুষ্ঠিত হ’ব শুভ মহুৰত।
উল্লেখযোগ্য যে যিটো সময় কভিড মহামাৰীৰ বাবে অসমীয়া ছবি জগতখন এক প্ৰকাৰ বন্ধ হৈ পৰিছে তেনে সময়তে ‘যোদ্ধা’ ছবিখনে অসমীয়া ছবিজগত তথা ছবি উদ্যোগৰ সৈতে জড়িত লোক সকলৰ বাবে এক ইতিবাচক বতৰা কঢ়িয়াই আনিব বুলি আশাবাদী ‘যোদ্ধা’ৰ পৰিচালক ভাস্কৰ জ্যোতি গোস্বামী।
নতুনকৈ মুক্তি পাবলগা ছবিখনৰ প্ৰযোজক হৈছে পৰিমল বিশ্বাস আৰু সংগীত পৰিচালনা দায়িত্বত থাকিব জুবিন গাৰ্গ। মূলত এজন ব্যক্তিয়ে কিদৰে জীৱন যুদ্ধত সফলতা লাভ কৰিব পাৰে ইয়াকে বিষয় বস্তু হিচাপে লৈ নিৰ্মাণ কৰিব লগীয়া ছবিখনত প্ৰতিজন ব্যক্তিক একো একোজন জীৱন যুঁজৰ যোদ্ধা হিচাবে উপস্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে ছবিখনৰ পৰিচালক ভাস্কৰ জ্যোতি গোস্বামীয়ে।
গুৱাহাটী প্ৰেছ ক্লাবত নতুন ছবিখনকলৈ অনুষ্ঠিত কৰা এক সংবাদ মেলত উপস্থিত থাকি প্ৰযোজক পৰিমল বিশ্বাসে কয় ছবিখনৰ জৰিয়তে আমি জীৱনৰ সঁচা কাহিনী প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰায় ৫০ টা পৰিয়ালক সকাহ দিয়াৰ প্ৰয়াস কৰিছোঁ। উল্লেখযোগ্য যে সংবাদ মেলত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাজকুমাৰ আৰু কাজলো উপস্থিত থাকে।