নিউজ ডেস্ক– বলীউদৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনলৈ Critics Choice Award ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। অভিৰূপ বসুৰ ”মিল” নামৰ চুটী চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে অসম সন্তান গৰাকীয়ে।
”Critics Choice Short Stories Award”য়ে অভিনেতা গৰাকীক অভিনন্দন জ্ঞাপন কৰি টুইটাৰত টুইটো কৰে।
Congratulations to the winner of the Critics’ Choice Award for Best Actor (Short Films) – Adil Hussain #CriticsChoiceAwards @theFCGofficial @motion_content @_AdilHussain pic.twitter.com/msPXBjRGzr
— CCSSA (@CCSSAwards) February 14, 2021
আদিল হুছেইনে চলচ্চিত্ৰখনৰ প্ৰযোজক- পৰিচালক, সকলো কলা-কুশলীক কৃতজ্ঞতা জ্ঞাপন কৰি টুইটাৰত টুইট কৰে।
Thank you @CCSSAwards and @theFCGofficial for Best Actors Award for the film #Meal directed by @abhiroopbasuforyou. I share this Award with all my co-nominies! And athe cast and crew of #Meal Gratitude https://t.co/D95LxxHNIT
— Adil hussain (@_AdilHussain) February 15, 2021
কোনো সংলাপ নথকা পৰিয়ালকেন্দ্ৰিক কাহিনীৰ এই চলচ্চিত্ৰখন মাত্ৰ ১১ মিনিটৰ। ইয়াৰ উপৰিও আদিল হুছেইনে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১২চনতো নিউ জাৰ্ছিত অনুষ্ঠিত ”ছাউথ এছিয়ান চিনে ফেষ্টত” শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, ”ৰাগ” চলচ্চিত্ৰৰ বাবে ২০১৪ চনত প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, ”মাজৰাতি কেতেকী” চলচ্চিত্ৰৰ বাবে ২০১৭ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,বিশেষ জুৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।