নিউজ ডেস্ক– বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা মডেল দিয়া মিৰ্জা বিবাহপাশত আবদ্ধ হ’ব। অহা ১৫ফেব্ৰুৱাৰীত ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিয়া। মুম্বাইতে অনুষ্ঠিত হ’ব দুয়োৰে বিবাহ।
লকডাউনৰ সময়তেই অভিনেত্ৰীগৰাকী আৰু বৈভৱ ৰেখিৰ মাজত আৰম্ভ হৈছিল প্ৰেম। ইনষ্টাগ্ৰামতে আৰম্ভ হৈছিল দুয়োৰে প্ৰেম। কিন্তু এই সম্পৰ্কক গোপনে ৰাখিছিল দুয়োৱে।
বৈভৱ ৰেখি পূৰ্বৰ পত্নী সুনেইনা ৰেখিৰ লগত বিবাহ বিচ্ছেদ ঘটিছে। সুনেইনা এগৰাকী যোগ প্ৰশিক্ষক আছিল। তেওঁলোকৰ দুয়োৰে এজনী কন্যা সন্তানো আছে।
ইফালে, দিয়া মিৰ্জা বলীউদৰ চলচ্চিত্ৰ পৰিচালক চাহিল সংঘৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োয়ে ২০১৯ চনত বিবাহ বিচ্ছেদৰ ঘোষণা কৰিছিল।
উল্লেখ্য় যে, দিয়া মিৰ্জাই ২০০০চনত ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল।