ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ মনসা বাৰাণসী Credit: টুইটাৰ

নিউজ ডেস্ক– ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ৰ খিতাপ লাভ কৰিলে তেলেংগানাৰ মনসা বাৰাণসীয়ে। বুধবাৰে ঘোষণা কৰা হয় এই সৌন্দৰ্য্য় প্ৰতিযোগিতাৰ ফলাফল। হাৰিয়ানাৰ মণিকা শ্বেউকান্দে লাভ কৰে ভিএলচিচি ফেমিনা মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২০, উত্তৰপ্ৰদেশৰ মান্য় সিঙে লাভ কৰে ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ ৰাণাৰ্ছ আপৰ খিতাপ।

প্ৰতিযোগিতাখনৰ জুৰী পেনেলত আছিল অভিনেতা নেহা ধুপিয়া, চিত্ৰাঙ্গদা সিং, পুলকিত সম্ৰাট আৰু প্ৰখ্যাত ডিজাইনাৰ যুটি ফাল্গুনী আৰু শ্বেন পিক’ক।

এই সৌন্দৰ্য্য় প্ৰতিযোগিতাখনিৰ গ্ৰেণ্ড ফিনালে ২৮ ফেব্ৰুৱাৰীত কালাৰ্ছ টিভি যোগে সম্প্ৰচাৰিত হ’ব।

উল্লেখ্য় যে মনসা বাৰাণসী পেছাত এগৰাকী অভিযন্তা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply