গুৱাহাটী– ‘মাতৃত্ব’ অৰ্জন এগৰাকী নাৰীৰ গৌৰৱ। এই গৌৰৱ অৰ্জন হোৱাৰ দিশে অভিনেত্ৰী অমৃতা গগৈ। হয়, ‘মা’ হ’বলৈ ওলাইছে অভিনেত্ৰী অমৃতা গগৈ। মঙলবাৰে ছচিয়েল মিডিয়া যোগে অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিলে এই সুখবৰ।
দুবছৰ পূৰ্বে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা যোৰহাট নিবাসী মনদ্বীপ কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকী।
মঙলবাৰে ছচিয়েল মিডিয়াত এই সুখবৰ অনুৰাগীক অৱগত কৰিলে অভিনেত্ৰী অমৃতাই।
অভিনেত্ৰীগৰাকীয়ে গৰ্ভাৱস্থাৰ কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কেপচনত লিখে ”❤❤ready to be ❤❤❤
So the family is ready to get bigger by two feet….yeiiiii …cant wait to meet our little one”
এই খবৰ ছচিয়েল মিডিয়াত লাভ কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীক শুভকামনাৰে উপচাই দিছে অনুৰাগীয়ে। ইষ্ট ম’জ’ৰ ফালৰ পৰাও অভিনেত্ৰী গৰাকীলৈ থাকিল অলেখ শুভকামনা।