নিউজ ডেস্ক– দাক্ষিণাত্য়ৰ জনপ্ৰিয় অভিনেতা ধনুষক এইবাৰ দেখা পোৱা যাব হলীউদৰ এখন চলচ্চিত্ৰত। হলিউদৰ জনপ্ৰিয় পৰিচালক এন্থনী ৰুছো আৰু জোছেফ ৰুছোৰ ‘দ্য় গ্ৰে মেন’ নামৰ চিনেমাখনত অভিনয় কৰিব ধনুষে। এই কথা অভিনেতাগৰাকীয়ে টুইটযোগে সদৰী কৰিছে।
@netflix @netflixindia @russo_brothers @ryangosling @chrisevans @preena621 pic.twitter.com/LK5u5ZnUG0
— Dhanush (@dhanushkraja) December 18, 2020
অৱশ্য়ে চিনেমাখনত ধনুষে কি চৰিত্ৰত অভিনয় কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে একো সদৰী কৰা নাই। এই চলচ্চিত্ৰখনত হলিউদৰ জনপ্ৰিয় অভিনেতা ৰিয়ান গ’চলিং, ক্ৰিছ ইভানচ আৰু আনা দে আৰমাচেও অভিনয় কৰিছে। এই চলচ্চিত্ৰখনে নেটফ্লিক্সত মুক্তি লাভ কৰিব। আমেৰিকাৰ বিখ্য়াত উপন্য়াসিক মাৰ্ক গ্ৰেণেইৰ ‘দ্য় গ্ৰে মেন’ নামৰ উপন্য়াসখনৰ আধাৰতেই এই চিনেমাখন নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য় যে চিনেমাখন বৰ্তমানলৈকে নেটফ্লিক্সৰ আটাইতকৈ বিগ বাজেটৰ ছবি হ’ব বুলি জানিব পৰা গৈছে।