মুক্তি লাভ কৰিব ইৰফান খানৰ অন্তিমখন ছবি

নিউজ ডেস্ক– উট ব্য়ৱসায়ীৰ ৰূপত সোণালী পৰ্দাত শেষবাৰৰ বাবে আকৌ এবাৰ প্ৰত্য়ক্ষ কৰিব বলীউদৰ জনপ্ৰিয় অভিনেতা ইৰফান খানক। ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ইৰফান খান অভিনীত অন্তিমখন চলচ্চিত্ৰ। ‘দ্য ছং অৱ স্কৰ্পিয়নছ’ নামৰ ছবিখন নিৰ্মাণ কৰাৰ আজি ৩ বছৰ হৈছে যদিও বহুদিন ধৰি মুক্তিৰ অপেক্ষাত আছিল। ৰাজস্থানৰ এগৰাকী আদিবাসী মহিলাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন।

‘ট্ৰেড এনালিষ্ট’ তৰণ আদৰ্শই এই ছবিখনে নতুন বছৰটোত মুক্তি পাব বুলি নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰে।

ছুইজাৰলেণ্ডৰ লোকাৰ্নো ফিল্ম ফেষ্টিভেলত ২০১৭ চনত চিনেমা খনৰ প্ৰিমিয়াৰ শ্ব’ কৰা হৈছিল । চিনেমা খন পৰিচালনা কৰিছে অনুপ সিঙে। চিনেমা খনত উট ব্য়ৱসায়ীৰ ৰূপত অভিনয় কৰিছে ইৰফান খানে।

ইৰফানৰ লগতে এই চিনেমাখনত অভিনয় কৰিছে ৱাহিদা ৰেহমান আৰু ইৰাণী অভিনেত্ৰী গুলচিফটেহ ফাৰহানিয়ে ।

দুৰাৰোগ্য় কেঞ্চাৰ ৰোগত ভুগি থকা অভিনেতা ইৰফান খানৰ ২০১৯ চনৰ ২৯ এপ্ৰিলত মৃত্য়ু হয়। উল্লেখ্য় যে এই চিনেমাখন জনপ্ৰিয় অভিনেতাজনলৈ শ্ৰদ্ধাঞ্জলী হিচাপে আগবঢ়োৱা হ’ব বুলি প্ৰযোজকে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply