শ্বাটলাৰ ৰূপত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

নিউজ ডেস্ক– বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰাক এইবাৰ দৰ্শকে দেখা পাব শ্বাটলাৰৰ ৰূপত। বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা বায়’পিক ”ছাইনা”ত অভিনয় কৰিছে পৰিণীতি চোপ্ৰাই।

শীঘ্ৰেই অনলাইন প্লেটফৰ্মত মুকলি কৰি দিয়া হ’ব চলচ্চিত্ৰখন। বিগত বৰ্ষতে চলচ্চিত্ৰ গৃহলৈ এই চলচ্চিত্ৰখন মুক্তি দিয়াৰ কথা আছিল যদিও কোভিড মহামাৰীৰ বাবে চলচ্চিত্ৰখন মুকলি কৰি দিব পৰা হোৱা নাছিল।

বৰ্তমান চলচ্চিত্ৰ গৃহ সমূহ ৫০ শতাংশ দৰ্শকেৰে খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও চলচ্চিত্ৰখনৰ নিৰ্মাতাই চলচ্চিত্ৰখন অনলাইন প্লেটফৰ্মত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply