নিউজ ডেস্কঃ বলীউডলৈ মানুষী চিল্লাৰৰ অভিষেক। অতি শীঘ্ৰেই অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি ‘পৃথ্বীৰাজ’ত দেখা পোৱা যাব ২০১৭ বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ দখল কৰা মানুষী চিল্লাৰক। মানুষী চিল্লাৰক অক্ষয় কুমাৰৰ বিপৰীতে চিনেমাখনত দেখা যাব।। নিৰ্ভীক আৰু শক্তিশালী ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱন আৰু শৌৰ্য্যৰ ওপৰত আধাৰিত ‘পৃথ্বীৰাজ’, য’ত অক্ষয় কুমাৰে পৃথ্বীৰাজৰ চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে মানুষীক দেখা যাব পৃথ্বীৰাজৰ প্ৰেমিকা ৰাজকুমাৰী সংযোগিতাৰ চৰিত্ৰত।

https://www.instagram.com/tv/Cd49iFXpX7q/?utm_source=ig_web_copy_link

‘পৃথ্বীৰাজ’ৰ এটা ছিকুৱেন্সত মানুষী চিল্লাৰক ‘সংযোগিতা’ৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হৈছিল ২৫ জন লোকৰ। সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰৰ সময়ত মানুষীয়ে কয় যে চিনেমাখনত বিবাহৰ ছিকুৱেন্সটোৱেই আছিল আটাইতকৈ দীঘলীয়া শ্বট। ইয়াৰ বাবে ‘সংযোগিতা’ক প্ৰস্তুত কৰি তুলিবলৈ প্ৰয়োজন হৈছিল ২৫ জন লোকৰ আৰু সময় লাগিছিল ৩ ঘণ্টা। মানুষীয়ে কয়, “মেকআপত সৰ্বাধিক ২০ মিনিট সময় লাগিছিল কাৰণ পৰিচালকে ৰাজকুমাৰী সংযোগিতাক যিমান পাৰে প্ৰাকৃতিক দেখুৱাব বিচাৰিছিল, কিন্তু চুলি আৰু সাজ-পোছাকৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিছিল। মোক সেই চৰিত্ৰটোৰ বাবে সজাই-পৰাই তুলিবলৈ এটা টীম আছিল। কোনোবাই যদি মোৰ সাজ-পোছাক চিলাই কৰিছে, কোনোবাই মোৰ চুলি ঠিক কৰি আছে, কোনোবাই যদি মোৰ মেকআপ ঠিক কৰি আছে, কোনোবাই মোক অলংকাৰ পিন্ধাইছে। লগতে বহুত কেইজন আছিল, যিসকলে মোৰ সাজ-পোছাক আৰু গহনাবোৰ ঠিক কৰাত ব্যস্ত আছিল।

লগতে অভিনেত্ৰী গৰাকীয়ে শ্বুটিঙৰ সময়ৰ আমোদজনক মূহুৰ্ত স্মৰণ কৰি কয়, ‘পৃথ্বীৰাজৰ সাজ-পোছাক মোৰ ভাল লাগিছিল, কাৰণ তেওঁক একেবাৰে বাস্তৱৰ পৃথ্বীৰাজ যেন লাগিছিল। অলংকাৰ বোৰ বেছি ওজন আছিল। স্বয়ম্বৰৰ সময়ত যিখন দুপট্টা মোৰ মূৰত ৰাখিছিল সেইখনো বৰ ওজন আছিল আৰু মোৰ মূৰৰ ডিঙি আৰু পিঠিৰ ওপৰৰ অংশত সমস্যা হৈছিল। মূৰটো পোন কৰি ৰাখিব পৰা নাছিলো। গতিকে প্ৰতিবাৰেই এই দৃশ্যৰ শ্বুটিঙৰ অন্ত পৰাৰ পাছত দুজন মানুহ আহি দুপট্টাখন তুলি লৈছিল যাতে সকলো ওজন মোৰ মূৰত নপৰে।”

উল্লেখ্য যে, ‘পৃথ্বীৰাজ’ চলচ্চিত্ৰখন চলিত বৰ্ষৰ ৩জুনত মুক্তিলাভ কৰিব। চলচ্চিত্ৰখন পৰিচালনা কৰিছে ড০ চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে। হিন্দীকে ধৰি তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিব চলচ্চিত্ৰখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply