নিউজ ডেস্ক: ৬৭তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ঘোষণা ।ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ উল্লেখেৰে অসমীয়া কথাছবি জোনাকী পৰুৱালৈ সন্মান প্ৰদান কৰা হয়। আন এখন অসমীয়া ছবি ‘ৰণুৱা- হু নেভাৰ ছাৰেণ্ডাৰছ’এ ৰজত কমল বঁটা লাভ কৰাৰ লগতে প্ৰকাশ ডেকা পৰিচালিত কথাছবি ‘ফায়াৰফ্লাইছ- জোনাকী পৰুৱা’ৰ নামো ৰাষ্ট্ৰীয় বঁটা কমিটীয়ে বিশেষভাৱে উল্লেখ কৰে।
অসমৰ গাঁৱৰ পটভূমিত এগৰাকী ট্ৰেন্সজেণ্ডাৰৰ জীৱন আৰু তেওঁৰ জীৱনমুখী যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে ‘ফায়াৰফ্লাইছ- জোনাকী পৰুৱা’ কথাছবিখন। কথাছবিখন প্ৰযোজনা কৰিছে মিলিন দত্তই। সঞ্জীৱ নাৰায়ণ নিৱেদিত আৰু এম এম টেলিভিছনে সহ-প্ৰযোজনা কৰা মনপা ভাষাৰ ছবি ‘Water Burial’- এ পৰিৱেশ বিষয়ক ছবিৰ বঁটা লাভ কৰিছে।
এইবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে কংগনা ৰাণাৱটে। মোহময়ী অভিনেত্ৰীগৰাকীয়ে হিন্দী ছবি ‘মণিকৰ্নিকা’আৰু ‘পাংগা’ত কৰা অভিনয়ৰ বাবে লাভ কৰিছে এই সন্মান। শ্রেষ্ঠ অভিনেতাৰ সন্মান যুটীয়া ভাবে লাভ কৰিছ মনোজ বাজপায়ী আৰু ধনুষে। বাজপায়ীয়ে ‘ভোচলে’ত ছবিত অভিনয়ৰ বাবে লাভ কৰিছে এই সন্মান। আনহাতে ধনুষে ‘অসুৰন’ নামৰ তামিল ভাষাৰ ছবিখনত কৰা উৎকৃষ্ট অভিনয়ৰ কাৰণে লাভ কৰিছে এই সন্মান ।
শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে মালায়লম ভাষাৰ চলচিত্ৰ ‘মাৰাক্কৰ – Lion of Arabian Sea’-এ । হিন্দী ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান পাইছে সুশান্ত সিং ৰাজপুত অভিনীত চিচ’ৰে নামৰ ছবিখনে।
শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান ছেট্টুপট্টী আৰু শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান পল্লবী যোশীলৈ আগবঢ়োৱা হৈছে |