নিউজ ডেস্কঃ শুকুৰবাৰে ঘোষণা হ’ল ৬৮সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এইবাৰৰ চলচ্চিত্ৰ বঁটাত জিলিকিল চাৰি অসমীয়া। আইমী বৰুৱাৰ ডিমাছা চলচ্চিত্ৰ ‘ছেমখৰে’ ডিমাছা ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ উপৰি আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা পাবলৈ সক্ষম হয় কৃপাল কলিতাৰ ব্ৰীজ ছবিয়ে। আনহাতে খঞ্জন কিশোৰ নাথ আৰু দ্বীপ ভূঞাইয়ো এইবাৰৰ চলচ্চিত্ৰ বঁটাত উজ্বলি উঠিবলৈ সক্ষম হয়।
উল্লেখ্য যে ২০২০চনতে মুক্তিলাভ কৰা তামিল ভাষাৰ চিনেমা ‘Soorarai Pottru’ ই লাভ কৰিলে এই বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান। চলচ্চিত্ৰ খনত অভিনয় কৰা অভিনেতা Suriya ই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে অপৰ্ণা বালামুৰুলীয়ে। লগতে হিন্দী চলচ্চিত্ৰ ‘Tanhaji: The Unsung Warrior’ ত কৰা অভিনয়ৰ বাবে বলীউড অভিনেতা Ajay Devgn এও লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
আনহাতে পৰিৱেশ শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে অসমীয়া চলচিত্ৰ মানুহ আৰু মানুহ, শ্ৰেষ্ঠ চুটি কল্প কাহিনী চলচ্চিত্ৰৰ শিতানত লাভ কৰিছে কাৰ্বি ভাষাৰ Kachichinithu এ।
আনহাতে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ সন্মান লাভ কৰে তুলসীদাস জুনিয়ৰ, শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰ ‘তানহাজী’ চলচ্চিত্ৰ খনৰ বাবে লাভ কৰে মহেশ শ্বেৰলা, শ্ৰেষ্ঠ প্ৰযোজনা ডিজাইনৰ বাবে আনিস নাডোনি (কাপ্পেলা) আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বাবে শ্ৰীকাৰ প্ৰসাদে তামিল চলচিত্ৰ শিৱৰঞ্জিনিয়াম ইননাম চিলা পেংগালুমৰ বাবে লাভ কৰে।