নিউজ ডেস্ক– সুদীৰ্ঘ ২২ বছৰৰ মূৰত বলীউদৰ জনপ্ৰিয় ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ লগত একেলগে কাম কৰিব বলীউদ অভিনেতা অজয় দেৱগনে। সঞ্জয় লীলা ভাঞ্চালীয়ে পৰিচালনা কৰা ”গংগাবাঈ কাথিয়াৱাড়ী” নামৰ চিনেমাখনত অভিনয় কৰিব অজয়ে।

এই চিনেমাখনত অজয়ৰ লগত অভিনয় কৰিব আলিয়া ভাট্টে। ইতিমধ্যে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ জন্মদিনৰ দিনা চিনেমাখনৰ টিজাৰ মুকলি কৰা হৈছে। চিনেমাখনত আলিয়াই ”গংগাবাঈ” ভূমিকাত অভিনয় কৰিছে।

উল্লেখ্য় যে এই চিনেমাখনৰ পূৰ্বে সঞ্জয় লীলা ভাঞ্চালীৰ লগত অজয় দেৱগনে কাম কৰিছিল ১৯৯৯ চনত মুক্তি লাভ কৰা ”হাম দিল দে চুকে চনম ” নামৰ চিনেমাখনত। এই চিনেমাখনে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply