নিউজ ডেস্কঃ অজয় দেৱগনৰ আপকামিং থ্ৰিলাৰ চিনেমা ‘দৃশ্যম ২’ ৰ টিজাৰ বৃহস্পতিবাৰে মুকলি কৰা হ’ল। চলচ্চিত্ৰখন অভিনেতাজনৰ ২০১৫ চনত মুক্তিলাভ কৰা জনপ্ৰিয় চিনেমা ‘দৃশ্যম’ৰ ছিকুৱেল আৰু যোৱা বছৰ মুক্তি লাভ কৰা মোহনলালৰ মালায়ালম চিনেমাখনৰ ৰিমেক। পূৰ্বে মুক্তিলাভ কৰা দৃশ্যমৰ পুনৰাবৃত্তি হ’ব ‘দৃশ্যম২’ত।
দৃশ্যম ২০১৫ চনত মুক্তি লাভ কৰিছিল। অজয় দেৱগনক চিনেমাখনত মুখ্য চৰিত্ৰত দেখা গৈছিল । দৃশ্যমত অজয় দেৱগণে বিজয়ৰ চৰিত্ৰত অভিনয় কৰিছিল।
দুগৰাকী কন্যাৰ সৈতে বিজয়ৰ এটা সুখী পৰিয়াল আছিল, কিন্তু হঠাতে সলনি হৈ যায় বিজয়ৰ সুখৰ জীৱন। পালিতা কন্যাগৰাকীৰ সৈতে বিজয়ৰ এনে ঘটনা ঘটে যে গোটেই পৰিয়ালটোৱে খেলিমেলি হৈ পৰে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ (টাবু) পুত্ৰই বিজয়ৰ কন্যাৰ এটা গোপন ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল। তেওঁ বিজয়ৰ ঘৰলৈ আহি ভাবুকি দিয়াত বিজয়ৰ পত্নী আৰু কন্যাই হত্যা কৰিছিল। বিজয়ে এই সকলোবোৰ জ্ঞাত হৈ পৰিয়ালটোক হত্যাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ ইমান নিখুঁত উপায়েৰে ষড়যন্ত্ৰ কৰিছিল যে আৰক্ষী বিষয়াসকলে সকলো গম পোৱাৰ পিছতো কোনো প্ৰমাণ বিচাৰি পোৱা নাছিল।
বিজয় আৰক্ষীৰ চকুত ধৰা পৰিব নেকি? কিন্তু তেওঁ হত্যা কৰা নাছিল। কিন্তু হত্যাকাৰীক ৰক্ষাৰ বাবে তেওঁ এইটো কৰিছিল! এটা আধৰুৱা প্ৰশ্ন মনত লৈয়ে ‘দৃশ্যম ‘শেষ কৰিবলগীয়া হৈছিল দৰ্শকে। কিন্তু এটা দশকৰ পিছত, ‘দৃশ্যম’ৰ দ্বিতীয় অংশটোৱে সেই প্ৰশ্নবোৰৰ উত্তৰ লৈ আহিছে। অৱশ্যে, এই সকলো উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব নৱেম্বৰ লৈকে । ছবিখন অহা ১৮ নৱেম্বৰত মুক্তি লাভ কৰিব। সাত বছৰৰ পিছত ‘দৃশ্যম২’ এ বহুতো ৰহস্য মুকলি কৰিব। চিনেমাখন পৰিচালনা কৰিছে অভিষেক পাঠকে।
ছবিখনৰ টিজাৰ বৃহস্পতিবাৰে মুক্তি দিয়া হৈছে। মুক্তিৰ লগে লগে টিজাৰটো চলচ্চিত্ৰটো প্ৰেমী সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।