নিউজ ডেস্ক: গুটখা কোম্পানী ‘বিমল’ৰ বিজ্ঞাপন কৰি বিগত কিছুদিন ধৰি ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা বলিউডৰ অভিনেতা অক্ষয় কুমাৰে অৱশেষত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰে। অভিনেতা গৰাকীয়ে টুইট কৰি অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি ভৱিষ্যতে কেতিয়াও গুটখা কোম্পানীৰ বিজ্ঞাপন নকৰে বুলি কয়।

অনুৰাগীসকলৰ উদ্দেশ্যে দিয়া টুইটত তেওঁ কয়, ”মই আপোনালোকৰ (মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষী) ক্ষমা বিচাৰিছো। যোৱা দিনকেইটাত আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে চুই গৈছে। অৱশ্যে, মই কেতিয়াও ধপাতৰ এন্ডোৰ্ছ কৰা নাই আৰু আগলৈও কেতিয়াও নকৰো। বিমল ইলাইচিৰ সৈতে মই কাম কৰাৰ বাবে আপোনালোকে দেখুওৱা প্ৰতিক্ৰিয়াক মই সন্মান জনাইছো। গতিকে সম্পূৰ্ণ বিনম্ৰতাৰে মই নিজকে ইয়াৰ আঁতৰাই আনিছো।”

”উক্ত বিজ্ঞাপনৰ পৰা লাভ কৰা সমস্ত পাৰিশ্ৰমিক মই কিবা এটা ভাল কামত লগোৱাৰ সিদ্ধান্ত লৈছো। অৱশ্যে ব্ৰেণ্ডটোৱে মোৰ সৈতে থকা চুক্তিৰ সময়সীমা থকালৈকে হয়টো বিজ্ঞাপনটো প্ৰচাৰ কৰি থাকিব পাৰে কিন্তু মই কথা দিছো যে ভৱিষ্যতে মই অত্যন্ত ভাবি-চিন্তিহে বিজ্ঞাপন কৰিম। ইয়াৰ বিনিময়ত মই সদায় আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ কামনা কৰিম।”

উল্লেখযোগ্য যে গুটখা কোম্পানী ‘বিমল’ৰ এক বিজ্ঞাপনত অংশ লোৱাৰ বাবে অভিনেতা অক্ষয় কুমাৰ বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত যথেষ্ট ট্ৰলৰ সন্মুখীন হৈছে।

লগতে পঢ়ক – বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply