নিউজ ডেস্কঃ ‘পুষ্পা দ্য ৰাইজ’ মুক্তিৰ পাছতেই বক্স অফিচত খলকনি। ছবিখনে মুক্তি লাভ কৰা ডেৰ মাহ হ’ল। ‘পুষ্পা’ হৈছে একমাত্ৰ ছবি যিয়ে এই কৰোণা মহামাৰীৰ সময়তো ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।
ছবিখনৰ জনপ্ৰিয়তাৰ লগে লগে নায়ক আল্লু অৰ্জুনো ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ ব্যয়বহুল অভিনেতাৰ শাৰীত স্থান পাইছে।
দক্ষিণাত্যৰ পৰিচালক এটলীৰ পৰৱৰ্তী এখন চলচ্চিত্ৰত আকাশচুম্বী পাৰিশ্ৰমিক প্ৰদান কৰা হৈছে আল্লু অৰ্জুনক। পৰৱৰ্তী এই চলচ্চিত্ৰখনৰ বাবে অভিনেতা গৰাকীক কিমান পাৰিশ্ৰমিক প্ৰদান কৰা হ’ব জানেনে? এই চিনেমাখনত অভিনয়ৰ বিনিময়ত আল্লু অৰ্জুনক প্ৰদান কৰা হৈছে ১০০কোটি টকা।
ইফালে সুকুমাৰৰ পৰিচালিত ‘পুষ্পা’ৰ মুক্তিৰ পিছত আল্লু অৰ্জুনৰ ইনষ্টাগ্ৰাম প্ৰফাইলতো অনুসৰণকাৰীৰ সংখ্যা তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধিৰ দৰেই তীব্ৰগতিত বৃদ্ধি পাইছে। তেলেগু চুপাৰষ্টাৰ গৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে অৱগত কৰে যে তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা ১.৫ কোটিত উপনীত হৈছে।
উল্লেখ্য যে, আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণো কম নহয়। তেওঁ বাস কৰা বাংলোটোৰ মূল্য প্ৰায় ১০০ কোটি টকা। তেওঁ দুই সন্তান আৰু পত্নীৰ সৈতে বাংলোটোত বাস কৰে। তেওঁৰ ৭ কোটি টকাৰ এখন ভেনিটি ভানৰ উপৰিও দুখন বিলাসী দামী আৰু এখন ব্যক্তিগত বিমানো আছে।