নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত লক্ষাধিকলোক নিৰন্তৰ এই মহামাৰীৰ লগত যুঁজি আছে।

এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণক সহায়ৰ বাবে বহু কেইগৰাকী চেলিব্ৰিটি আগবাঢ়ি আহিছে । এই কঠিন সময়ত এইবাৰ সাধাৰণ জনতাৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে অভিনেতা অমিতাভ বচ্চন।

মহামাৰী কৰোনাৰ লগত মোকাবিলা কৰিবলৈ অমিতাভ বচ্চনে দিল্লীৰ ৰাকাব গঞ্জৰ শ্ৰী গুৰু টেগ বাহাদুৰ কোভিদ কেয়াৰ চেণ্টাৰলৈ আগবঢ়াইছে দুই কোটি টকা।

আৰু পঢ়কঃভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু; দৈনিক ১,০০০ গৰাকীকৈ আক্ৰান্ত

দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ অধ্যক্ষ মনজিন্দৰ সিং চিৰছাই এক টুইটযোগে এই কথা জানিবলৈ দিয়ে।

লগতে তেওঁ কয় যে অমিতাভ বচ্চনে বিদেশৰ পৰা অক্সিজেন চিলিণ্ডাৰ অনাৰো ব্যৱস্থা কৰিছে। বিগ বি কেৱল ডাঙৰ পৰ্দাৰ নায়কে নহয়, বাস্তৱ জীৱনৰো প্ৰকৃত নায়ক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply