নিউজ ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন। ৪৬বছৰৰ দেওনা পাৰ কৰিলে কন্ঠশিল্পী গৰাকীয়ে।

২৪নৱেম্বৰ ১৯৭৬চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল অংগৰাগ পাপন মহন্তই।  অসমৰ সংগীতজগতৰ অতিকৈ জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ পাপনে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰিয়ে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলায়।

২০০৫ চনত পাপনৰ প্ৰথম এলবাম “জোনাকী ৰাতি” মুক্তি পায়, তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবামৰ “চিনাকি অচিনাকি”।

কেৱল অসমীয়া সংগীতজগততে নহয় বলীউদতো এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে পাপনে। বলীউদৰ কেইবাখনো চলচ্চিত্ৰত পাপনে কন্ঠদান কৰি শ্ৰোতাৰ মাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

পাপন “ইষ্ট ইণ্ডিয়া কোম্পানী” নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী। তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে এম টিভিৰ সংগীতানুষ্ঠান “ক’ক ষ্টুডিঅ'”ৰ তিনিটা চিজনত গীত পৰিৱেশন কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

পাপনৰ জন্মদিনটোত ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ শুভাকাংশীসকলে শুভেচ্ছাৰে উপচাই দিছে। আমাৰ ফালৰ পৰাও কন্ঠশিল্পীগৰাকীলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply