নিউজ ডেস্কঃ নীলা আকাশৰ তলত নীলা শাৰীৰে অংকিতা। সামাজিক মাধ্যমত সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখাণ্ডে খুবেই সক্ৰিয়।  পৰম্পৰাগত পোছাকতেই হওঁক বা ষ্টাইলিছ পোছাকতে ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ নতুন নতুন লুকৰ সৈতে ফটো,ৰীল প্ৰায়ে দেখা যায়। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে নীলা শাৰী,নীলা কাণফুলি পিন্ধি কেইখনমান আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে। লগতে কেপচনত লিখিছে, ‘প্ৰভাৱিত নকৰাকৈ সুখী হোৱাৰ অস্তিত্ব আছে।’

এই ফটো কেইখন ইনষ্টাগ্ৰামত খুবেই জনপ্ৰিয় হৈছে। অনুৰাগী সকলেও অভিনেত্ৰীগৰাকীৰ নতুন লুকটো খুবেই পচণ্ড কৰিছে। অংকিতাৰ এই ষ্টাইলটো ‘মিষ্টাৰ ইণ্ডিয়া’ চলচ্চিত্ৰৰ ‘কাটে নেহি কাট্টে দিন য়ে ৰাত’ গীতটোৰ শ্ৰীদেৱীৰ আইকনিক লুকটোৰ সৈতে প্ৰায়ে মিল আছে।

অংকিতাৰ পূৰ্বেও শ্ৰীদেৱীৰ এই লুকটো বহু অনুৰাগীয়ে অনুকৰণ কৰি আহিছে। সেয়েহে, অভিনেত্ৰীগৰাকীক শ্ৰীদেৱীৰ ষ্টাইল অনুকৰণ কৰা বুলি অনুৰাগী সকলে কমেন্ট কৰিছে। কোনোৱে লিখিছে,”আপোনাক দেখি শ্ৰী দেৱীলৈ মনত পৰি গৈছে” ।

অংকিতাৰ এই ফটোবোৰ ইমানেই জনপ্ৰিয় হৈছে যে ২৪ঘন্টাৰ ভিতৰত এক মিলিয়নতকৈও অধিক লাইক লাভ কৰিছে। ফটোত কোনো অনুৰাগীয়ে মন্তব্য কৰিছে ,’ব্লু বেৰী’।বেছিভাগ অনুৰাগীয়ে অংকিতাক শাৰীৰ সাজত খুবেই প্ৰশংসা কৰিছে।

জনপ্ৰিয় অভিনেত্ৰীগৰাকীত বৰ্তমান ‘পবিত্ৰ ৰিষ্টা ২.০’ত দেখা গৈছে। তেওঁ এইবাৰো অৰ্চনাৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে ধাৰাবাহিক খনত মানৱৰ চৰিত্ৰত অভিনয় কৰিছে শ্বহীৰ শ্বেইখে।

উল্লেখ্য যে অংকিতাই বিগত বছৰ ডিচেম্বৰত প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। বৰ্তমান দুয়োৱে সুমধুৰ বিবাহিত জীৱন উপভোগ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply