সংস্কৃতিৰ বৰ ঘৰ মাজুলী। সমগ্ৰ বিশ্বত নিজৰ এক সুকীয়া পৰিচয় বহন কৰি অহা সত্ৰ নগৰী মাজুলী হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থান। কাজেই মাজুলীৰ সংস্কৃতি বৈচিত্ৰময়। এক দৃষ্টিত আধ্যত্মিকতাৰ প্ৰাণকেন্দ্ৰ তথা সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ স্থল আৰু আন দৃষ্টিত নৈপৰীয়া জনজাতীয় সমাজৰ বৰ্ণময় পৰম্পৰাৰ বৈচিত্ৰময় সংস্কৃতি।
মাজুলীত প্ৰাচীন কালৰে পৰা উৎসৱৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰতিবছৰে নৱেম্বৰ মাহৰ প্ৰথমাৰ্দ্ধৰ পৰাই উৎসৱসমূহ আৰম্ভ হয়। মাজুলীৰ প্ৰধান উৎসৱসমূহৰ ভিতৰত পৰে ৰাসলীলা, পালনাম, ভাওনা সমাৰোহ, শংকৰ উৎসৱ, মাজুলী মহোৎসৱ, আলি আই লিগাং, পঃৰাগ ইত্যাদি। এই সমূহৰ উপৰি ২০১৯ চনৰ পৰা নতুনকৈ সংযোজন ঘটিছে মাজুলী সংগীত মহোৎসৱ, মনগীত ইত্যাদি।
মাজুলীৰ বেছিভাগ উৎসৱেই পৰম্পৰাগতভাবে স্থানীয় লোকসকলে পালন কৰি আহিছে। এই উৎসৱসমূহত ভাগ লবৰ বাবে বহু দেশী-বিদেশী পৰ্যটকৰ মাজুলীলৈ আগমন ঘটে।
উৎসৱসমূহৰ সৈতে সংগীতৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক। ইয়াত বিভিন্ন সংগীত পৰিবেশন কৰা হয়। এক অৰ্থত ক’বলৈ সংগীত যেন এই উৎসৱসমূহৰ এক পৰিচয়। বিহুৰ সৈতে যেনেকৈ বিহুগীতৰ এক পৰিচয় তেনেকৈয়ে ৰাসলীলাৰ সৈতে ৰাসৰ গীত, পালনামৰ সৈতে নাম ঘোষা, আলি আই লিগাং আৰু পঃৰাগৰ সৈতে ঐনিতমৰ এক অভিন্ন সম্পৰ্ক আছে।
আধ্যত্মিকতাৰ সৈতে জড়িত সংগীতসমূহ ৰচিত যদিও জন-জীৱনৰ সৈতে জড়িত গীতবোৰ মৌখিকভাবে প্ৰচলিত হৈ আহিছে। বৰগীত, নামঘোষা ইত্যাদি দুয়োজনা গুৰুৰ সৃষ্ট। ঐনিতম, হুচৰি, কাবান, আৰু অন্যান্য লোক সংগীতসমূহ মৌখিকভাবে প্ৰচলিত হৈ আহিছে। দুয়োজন গুৰুজনা আৰু তাৰ পৰবৰ্তী সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকতসকলে আধ্যত্মিক গীত আৰু সাংস্কৃতিক পৰম্পৰাক সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে। তাৰোপৰি স্থানীয় কৃষ্টিসংঘ, কৃষ্টি দল আৰু সংস্কৃতিৰ সচেতন ব্যক্তিয়ে থলুৱা গীত মাত আদি সংৰক্ষণ আৰু চৰ্চা তথা সংৰক্ষণ কৰি আহিছে।
সত্ৰীয়া নৃত্যক ভাৰতৰ ধ্ৰুপদী নৃত্যসমূহৰ ভিতৰত স্থান দিয়া হয়। মাজুলীৰ সত্ৰসমূহৰ ওপৰিও মাজুলীৰ প্ৰত্যেক ঠাইতেই সত্ৰীয়া নৃত্যৰ চৰ্চা দেখিবলৈ পোৱা যায়। তাৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজ নিজ এলেকাত সেই জনগোষ্ঠীসমূহৰ লোক সংগীত আৰু লোক নৃত্যৰ চৰ্চা হোৱা দেখিবলৈ পোৱা যায়। উৎসৱত সেই সমূহ প্ৰদৰ্শন কৰা হয়।
লগতে পঢ়ক – ২০২৫ চনৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদন ২২ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য: ৰাজনাথ সিং