নিউজ ডেস্কঃ ধৈৰ্য্য  আৰু  মনত  ইচ্ছাশক্তি থাকিলে সকলো কামেই সম্ভৱ। নিজা চেষ্টা আৰু সাধনাৰ জৰিয়তে নৃত্যৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ এজন যুৱকে। গুৱাহাটীৰ বৰবাৰীৰ মেধাৱী যুৱক ৰক্তিম ঠাকুৰীয়াই ইন্টাৰনেটৰ মাধ্যমেৰে নৃত্যৰ প্ৰশিক্ষণ লৈ ছ’নী টিভিৰ ‘India’s best dancer season2’ ৰ মঞ্চত 3rd runnerup হিচাপে বিজয়ী হ’বলৈ সক্ষম হৈছে। এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰক্তিমৰ  পিতৃ গজেন ঠাকুৰীয়া দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীত কৰ্মৰত  আৰু মাতৃ মৰমী ঠাকুৰীয়া এগৰাকী শিক্ষক।  দুয়ো  সংগীতৰ লগত জড়িত। 

মেধাৱী ৰক্তিমে গুৱাহাটী ডনবক্স হাইস্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল আৰু পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীঅৰ’বিন্দ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ২০১৯ চনতো ৰিয়েলিটী শ্ব’ ‘Dance plus 5’ ত অংশ লৈছিল ৰক্তিমে। শ্ব’টোত টপ ১০ পৰ্যায়তে যাত্ৰা সামৰিব লগা হৈছিল। অৱশেষত ‘India’s best dancer season2’ ৰিয়েলিটী শ্ব’টোত 3rd runnerup হিচাপে বিজয়ী হ’বলৈ সক্ষম হয় ৰক্তিম ঠাকুৰীয়া।

ৰক্তিম ঠাকুৰীয়াৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ এক সংক্ষিপ্ত সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালো-

প্ৰশ্নঃ তুমি নৃত্যৰ লগত কেতিয়াৰ পৰা জড়িত  হ’লা? 

ৰক্তিমঃ মই সৰুৰে পৰা ডান্স কৰিছিলো। ঘৰতে বহুত ডান্স কৰিছিলো, friend ৰ লগত dance practice কৰিছিলো। কিন্তু Professional হিচাপে এই যাত্ৰা আৰম্ভ  কৰিছিলো যেতিয়া মই The Ace dance crew ত যোগদান  কৰিছিলো। The Ace crew লগত  ‘Dance plus 5’ ত অংশ লৈছিলো। সেই ৰিয়েলিটী শ্ব’টোত আমি টপ ১০ ৰাউণ্ডলৈকে গৈছিলো। এনেদৰেই মোৰ নৃত্যৰ যাত্ৰা আৰম্ভ হৈছিল। নিগেটিভ চৰিত্ৰই কিয় আকৰ্ষিত কৰে বলীউড অভিনেতা বলৰাম দাসক?

প্ৰশ্নঃ তুমি কোনো আনুষ্ঠানিকভাৱে প্ৰশিক্ষণো লোৱা নাছিলা। এই ক্ষেত্ৰত  নিজেই কেনেকুৱাকৈ কি ধৰণেৰে প্ৰস্তুতি চলাইছিলা ?

ৰক্তিম ঠাকুৰীয়াঃ  ‘Dance plus 5’ ত অংশ লৈ অহাৰ পিছতেই লকডাউন আৰম্ভ হৈছিল। মই সম্পূৰ্ণ ১বছৰ dance practice কৰিছিলো। প্ৰত্যেক দিনে  ৮-১২ ঘন্টা একেৰাহে নৰখাকৈ community hall ত Practice  কৰিছিলো। Practice  কৰি থকাৰ অৱস্থাত দুখ পাইছিলো তেজ ওলাইছিল কিন্তু মই ৰখা নাছিলো। ফিল্ডত Practice কৰিছিলো মানুহবোৰে ৰৈ চাই থাকে ভাবে কি কৰি আছো মই । কিন্তু মই ৰখা নাছিলো কেৱল Practice কৰি গৈছিলো। এইদৰেই লক্ষ্যক আগত ৰাখি প্ৰস্তুতি চলাই গৈছিলো।

প্ৰশ্নঃ নৃত্য তোমাৰ নিচা ,ইয়াৰ বাহিৰেও আৰু  কি কি কৰি ভাল পোৱা?

ৰক্তিম ঠাকুৰীয়াঃ মই সৰুৰে পৰা art & craft খুব ভাল পাওঁ।  কবিতা লিখি ভালপাওঁ, কেতিয়াবা কেতিয়াবা গিটাৰ বজাইয়ো খুব ভালপাওঁ।

সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ youtube link টো Click কৰক-

YouTube video

লগতে পঢ়কঃফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত কেতিয়াৰ পৰা জড়িত হ’ল ‘Celebrity Makeup Artist’ পাংকু হাজৰিকা?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply