মাজুলী: অপেক্ষা মাথোঁ কেইটিমান দিনৰ । ৰাসৰ পাছতেই সংগীতৰ ধ্বনিত মুখৰিত হব মাজুলীৰ আকাশ বতাহ। সংগীতৰ মূৰ্চ্ছনাত জিপাল হব মাজুলীৰ নিশা। অনুস্থিত হব মাজুলী সংগীত মহোৎসৱ। আহিব বলিউডৰ জনপ্ৰিয় গায়ক লাকি আলি। আহিব জয় বৰুৱা, নিলোৎপল বৰা, ছলমান ইলাহি আৰু অন্যান্য বহু খ্যাতিমান গায়ক গায়িকা। এই উলাহতে মাজুলীয়েও পাৰিছে সৰিয়হ ফুলৰ দলিছা ।
কিছুদিনৰ পাছতেই অনুষ্ঠিত হ’ব মাজুলী সংগীত মহোৎসৱ। অহা ২৫, ২৬ আৰু ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই মহোৎসৱ। ইতিমধ্যে মাজুলীৰ জেংৰাই চাপৰি গাঁওৰ ৰাইজে সাজু হৈছে পৰ্যটকক আদৰিবৰ কাৰনে। ঘৰে ঘৰে সাজু কৰা হৈছে থলুৱা মিচিং জনজাতিয় খাদ্য সম্ভাৰ। তাৰ লগে লগে প্ৰস্তুত কৰা সৈতে ভিন্ন ৰঙী মিচিং জনজাতিয় সাজ পোচাক।
ডেকা গাভৰু আজি ব্যস্ত আখৰাত, কাৰণ প্ৰদৰ্শিত হ’ব গোমৰাগ, চেল্লইয়া, হুচৰি, মূখাভিনয়, গায়ন বায়ন ইত্যাদিৰ লগতে দেউৰী, নেপালী আদি জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। তাৰোপৰি পৰ্যটক সকলে অংশ গ্রহন কৰিব পাৰিব বিভিন্ন থলুৱা ক্ৰীড়া আৰু দুঃসাহসিক কাৰ্যকলাপত।
সাংস্কৃতিক দিশৰ লগতে অৰ্থনৈতিক দিশক আগুৱাই লৈ যোৱাও উদ্দেশ্য এই অনুষ্ঠানৰ। বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ সৱলীকৰণৰ উদ্দেশ্য হাতত লৈয়েই জন্ম হৈছিল মাজুলী সংগীত মহোৎসৱৰ। এই উদ্দেশ্য সফল কৰিবৰ কাৰণে লোৱা হৈছে বিভিন্ন কাৰ্য্যসূচী। গাওঁ সমূহত সাজু কৰি তোলা হৈছে হোমষ্টেয়, কটেজ ইত্যাদি। তাৰোপৰি প্ৰস্তুত কৰা হৈছে থলুৱা উৎপাদিত খাদ্য, হস্তনিৰ্মীত সামগ্ৰী যেনে বাঁহ বেতৰ সামগ্ৰী, মুখা , কাপোৰ ইত্যাদি লগতে সেইবোৰৰ বিক্ৰীৰ বাবে আৰু বিপনী ।
২০২০ চনত সমগ্ৰ বিশ্ববাসীৰ দৰে প্ৰভাৱিত হৈছিল মাজুলী সংগীত মহোৎসৱ। স্তব্ধ হৈ পৰিছিল দ্বিতীয় সংস্কৰণ। যদিও ২০২১ চনত অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত পূনৰ আয়োজন কৰা হৈছিল দ্বিতীয় সংস্কৰণ। এই ক্ষেত্ৰত স্থানীয় যুৱক আৰু অনুষ্ঠান- প্ৰতিষ্ঠানৰ কষ্ট আৰু সহযোগিতা উল্লেখযোগ্য।
এই বৰ্ষতো মাজুলীবাসীৰ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে পৰ্যটকক আদৰিবৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে।
লগতে পঢ়ক – তিনিচুকীয়াত সেনাৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ