নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টি.ভি চেনেল কালাৰ্চযোগে সম্প্ৰচাৰিত হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে।

একেখন দেশৰ বাসিন্দা হৈয়ো উত্তৰ-পূবৰ লোকসকলে দেশখনৰ বিভিন্ন প্ৰান্তত সন্মুখীন হোৱা বৰ্ণ বৈষম্যক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰিছে।

ধাৰাবাহিকখনৰ কাহিনীৰ মূল পটভূমি উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিম। ছিক্কিমৰ পৰা নিমা ডেংজুনপা নামৰ যুৱতীগৰাকীয়ে মুম্বাইলৈ গৈ উত্তৰ-পূৰ্বাঞ্চলৰ বুলি কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় সেই কাহিনীক লৈ নিৰ্মিত হৈছে এই ধাৰাবাহিকখন।

‘নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ নিমাৰ ভূমিকাত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে। ‘নিমা ডেংজুনপা ‘ ধাৰাবাহিকখন কালাৰ্চ চেনেলৰ লগতে অ’টিটি প্লেটফৰ্ম ভুটত সম্প্ৰচাৰ হ’ব। পেনিনচুলা পিকচাৰ্ছৰ বেনাৰত প্ৰযোজিত হৈছে এই ধাৰাবাহিকখন। হিন্দী দূৰদৰ্শনত সুৰভিৰ এইখন প্ৰথম ধাৰাবাহিক।

তেওঁ ইতিমধ্যে অসমীয়া ধাৰাবাহিক ‘পৰিণীতা’ত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছে।

ইতিমধ্যে ‘নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ Promo কালাৰ্চে মুকলি কৰিছে। Promo টোত দেখা গৈছে কেনেকৈ নিমাই উত্তৰ-পূবৰ বাবে মুম্বাইত বৈষম্য, ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছে।

আনহাতে,এই ধাৰাবাহিকখনৰ প্ৰ’ম’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অভিনেত্ৰী সুৰভিয়ে লিখিছে, “সপোনবোৰ দেখিছিলো কেতিয়াবা সঁচা হ’ব বুলি , কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো।”

লগতে তেওঁ কয় নিমাৰ কাহিনী কেৱল মোৰ হৃদয়তে নহয় এইয়া এনেকুৱা এটা চৰিত্ৰ যিটো মই মোৰ জীৱনৰ কোনো সময়ত কেতিয়াবা নহয় কেতিয়াবা জীয়াইছোঁ আৰু অনুভৱ কৰিছো।

মই কৃতজ্ঞ যে নীমাৰ চৰিত্ৰৰ জৰিয়তে দৰ্শকে উত্তৰ-পূব ভাৰতৰ লোকসকলে কি সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰে , আনকি তেওঁলোকক উত্তৰ-পূবৰ কাৰণে কি নামেৰে মতা হয় এই সকলোবোৰ জানিব পাৰিব। এই নতুন আৰম্ভণি মোৰ বাবে এক আৱেগ, মই আশা কৰো যে এই অনুষ্ঠানটোৰ জৰিয়তে, আমি যাতে মানুহৰ মনত সোমাই থকা পৌৰাণিক কাহিনীবোৰ ভাঙিব পাৰোঁ আৰু নিযুতৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ…মাত্ৰ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ প্ৰয়োজন।

বিভিন্ন ক্ষেত্ৰত উত্তৰ-পূবৰ লোকসকলে বিভিন্ন প্ৰান্তত স্বীকাৰ হোৱা বৈষম্যক লৈ জনপ্ৰিয় মডেল তথা অভিনেতা মিলিন্দ সুমনৰ পত্নী অসম জীয়াৰী অংকিতা কোঁৱৰে ছ’চিয়েল মিডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল, যদি তুমি উত্তৰ-পূৱৰ হয়, তেন্তে মেডেল লাভ কৰিলেহে তুমি ভাৰতীয় ; অন্যথা আমি ‘ চাইনীজ ‘ , ‘ চিংকি’ “। এই প’ষ্টটোৱে ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply