নিউজ ডেস্ক: বছৰৰ আৰম্ভণিতে অসমৰ চলচ্চিত্ৰ ক্ষেত্ৰলৈ আহিল এক ভাল খবৰ। ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ জয়পুৰত ৪ দিনীয়াকৈ অনুষ্ঠিত ১৫ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’।

সঞ্জীৱ হাজৰিকাৰ পৰিচালনা আৰু ৰিণিকি ভূঞা শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৪ টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বলৈ ইতিবাচক বাৰ্তা প্ৰদান কৰাৰ বাবে গ্ৰীণ ৰোজ এৱাৰ্ড, প্ৰতিশ্ৰুতি সম্পন্ন ছবি হিচাপে ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা বাবে য়েলো ৰোজ এৱাৰ্ড, বিচাৰকৰ বিশেষ সন্মান আৰু শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰ ষ্টাইলিছ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

সাহিত্য অকাডেমি বঁটা বিজয়ী মৃণাল কলিতাৰ ‘বকুল ফুল দৰে’ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

লগতে পঢ়ক – ডুমডুমাত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply