গুৱাহাটী: জ্যোতি চিত্ৰবনত কলা-কুশলী, কৰ্মচাৰী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত চলচ্চিত্ৰ নিৰ্মাতা জাভেদ কাইছাৰৰ নতুন অসমীয়া চিনেমা ‘গেংছ অফ এ ফেমিলি’ৰ মুহূৰত অনুষ্ঠিত হয়।
জাভেদ কাইছাৰৰ দ্বাৰা লিখিত আৰু পৰিচালিত ‘গেংছ অফ এ ফেমিলি’ চলচ্চিত্ৰখন ১৯৯০ৰ দশকৰ আগৰকাঠ সুগন্ধিৰ এজন অবৈধ ৰপ্তানিকৰ্তা আৰু তেওঁৰ মৃত্যুৰ পিছত সম্পত্তিৰ বিবাদৰ ওপৰত আধাৰিত।
মুস্তাবা আলী আৰু জাভেদ কাইছাৰৰ দ্বাৰা প্ৰযোজিত ছবিখন বয়হুড এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। চিনেমা খনত অভিনয় কৰিছে পদ্মৰাগ গোস্বামী, ৰাজীৱ ক্ৰো, মনোজ গগৈ, জয়শ্ৰী চক্ৰৱৰ্তী, ৰাজকুমাৰ ঠাকুৰ, দীপাংকৰ গায়ন, শ্বৰীফ মিৰ্জা, দুৰ্গাশ্ৰী বৰা আৰু প্ৰণামী বৰাই। 


চলচ্চিত্ৰখনৰ কাহিনীৰ সম্পৰ্কে কাৰ্যবাহী প্ৰযোজক আৰু কাষ্টিং পৰিচালক নাং এন গগৈয়ে কয়, “চলচ্চিত্ৰখনত অবৈধ আগৰকাঠৰ সুগন্ধি ব্যৱসায়ত জড়িত এটা পৰিয়ালৰ এক অতি আকৰ্ষণীয় কাহিনী দৰ্শোৱা হৈছে, আৰু পৰিয়ালৰ মুৰব্বী গৰাকীৰ মৃত্যুৰ পিছত তেওঁলোকে কেনেদৰে তেওঁলোকৰ কাম পৰিচালনা কৰে তাকেই প্ৰদৰ্শন কৰে। চলচ্চিত্ৰখনৰ কলাকুশলী আৰু কৰ্মচাৰী সকলৰ বাবে এখন কৰ্মশালাও চলি আছে । চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ২৫ জানুৱাৰীত আৰম্ভ হ’ব, আৰু ইয়াক ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সাজু হৈছে সকলো।


উল্লেখনীয় যে ‘বব বিশ্বাস’ খ্যাত প্ৰখ্যাত অভিনেতা পবিত্ৰ ৰাভাই ছবিখনৰ কলাকুশলী আৰু কৰ্মচাৰীৰ সৈতে এখন কৰ্মশালা পৰিচালনা কৰি আছে।
“চলচ্চিত্ৰখন ১৯৯০ৰ দশকৰ অসমত আধাৰিত। যেতিয়া আগৰকাঠৰ ব্যৱসায়ৰ ওপৰত নিষেধাজ্ঞা আছিল। ‘গেংছ অফ এ ফেমিলি’য়ে এজন ব্যৱসায়ীৰ কাহিনী কয় যি অবৈধ আগৰকাঠৰ ব্যৱসায়ত জড়িত আছিল। এইখন এখন সম্পূর্ণ মনোৰঞ্জন ধৰ্মী চলচ্চিত্ৰ হ’ব আৰু মই এই কাহিনী আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ পাই অতি উৎসাহিত,” লেখক-পৰিচালক জাভেদ কাইছাৰে কয়।
‘গেংছ অফ এ ফেমিলি’ হৈছে ২৬ বছৰীয়া কাইছাৰৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ।
চলচ্চিত্ৰখনৰ ডাইৰেক্টৰ অৱ ফটোগ্ৰাফীৰ পদত থাকিব প্ৰসিদ্ধ চিত্ৰগ্ৰহণকাৰী নাহিদ আহমেদ আৰু ছবিখনৰ সংগীত পৰিচালনা কৰিছে কে’চী আৰু প্ৰবীণ কলিতাই।
ছবিখনৰ সৈতে জড়িত সদস্যসকলৰ ভিতৰত আছে মেক-আপ শিল্পী বিশ্বজিৎ কলিতা, ভিএফএক্সত প্ৰকাশ মেহতা, সম্পাদক আৰু ডিআইত ডেভিড নাদৰ, এক্চন পৰিচালক প্ৰদীপ ভবেশ এটিচি, মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি চৰকাৰ, সহকাৰী পৰিচালক ফাৰজিন বালুচ আৰু ধ্ৰুবজ্যোতি তালুকদাৰ, প্ৰযোজনা প্ৰৱন্ধক মনোজ কুমাৰ নাথ, কলা পৰিচালক প্ৰমোদ দাস, জাভেদ কাইছাৰ আৰু নীল বৰ্মনৰ সংলাপ, মূল থীম আৰু বেকগ্ৰাউন্ড স্কোৰ বিবেক শৰ্মাৰ।
ছবিখনৰ দৃশ্যগ্ৰহণ গুৱাহাটী, মিৰ্জা, মঙ্গলদৈ আৰু কুকুৰমাৰাৰ আশে-পাশে বিভিন্ন স্থানত কৰা হ’ব।

লগতে পঢ়কঃনিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাল তীব্ৰ বেগী ট্ৰেভেলাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply