গুৱাহাটী : মহামাৰীৰ চিন্তাৰ মাজত আপোনালোকক হাঁহিবলৈ সুযোগ প্ৰদান কৰি, সমৰ্পিত অসমীয়া অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাত অসমৰ ষ্টেণ্ড-আপ কমেডি শৃংখলা ‘হাঁহিত পেটৰ বিষ’ৰ প্ৰচাৰ আৰম্ভ কৰিছে। কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোত ৰাজীব ক্ৰো আৰু ড০ অঞ্জন জ্যোতি চৌধুৰীৰ দৰে প্ৰবীণ হাস্য অভিনেতা সকলৰ লগতে চাজু আহমেদ আৰু তমক ৰঞ্জন দত্তৰ দৰে যুৱ হাস্য অভিনেতাৰ হাস্য অভিনয় প্ৰস্তুত কৰা হৈছে।

‘হাঁহিত পেটৰ বিষ’ হৈছে অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাত চাবলৈ উপলব্ধ একমাত্ৰ অসমীয়া ষ্টেণ্ডআপ কমেডি শ্ব’। ষ্টেণ্ডআপ কমেডি ধাৰণাটো ৰীলড্ৰামাৰ দ্বাৰা চিন্তা আৰু প্ৰৱৰ্তন কৰা হৈছিল। ৰীলড্ৰামাৰ সৃষ্টিশীল দলটোৱে, কমেডি শ্ব’টোৰ পৰিচালক আৰু কাৰ্যবাহী প্ৰযোজকৰ সৈতে, ইয়াৰ সম্ভাৱ্যতা আৰু সফলতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি কেইবাটাও চিন্তা-চৰ্চা ৰ ক্ষাৰত অংশগ্ৰহণ কৰি এই ধেমেলীয়া মনোৰঞ্জন মূলক শৃংখলাটো প্ৰস্তুত কৰি তুলিছিল।

লগতে পঢ়ক : ৩০ মাহৰ বেজী ৩০ দিনত দি শেষ কৰি দিলে নাৰ্ছে!ক’ত সংঘটিত হ’ল এই ঘটনা

অনুষ্ঠানটো তৈয়াৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে কথা পাতি পৰিচালক কেনি বসুমতাৰীয়ে কয়, “আমি আমাৰ কিছুমান বন্ধুক দৰ্শক হিচাপে আহিবলৈ কৈছিলো আৰু আমি সকলোৱে গোটেই দৃশ্যগ্ৰহণৰ সময়ত হাঁহি আছিলোঁ। হাঁহি হাঁহি দিনটোৰ শেষৰ ফালে, শ্ব’টোৰ শিৰোনামটোৰ দৰে, সঁচাকৈয়ে আমাৰ পেট বিষাব ধৰিছিল।” অনুষ্ঠানটোৰ কাৰ্যবাহী প্ৰযোজক অনুপম বৈশ্যই লগতে কয় যে এনেধৰণৰ এখন অসমীয়া ষ্টেণ্ড-আপ কমেডি শ্ব’ দৰ্শকৰ বাবে অতি নতুন। “আমি অসমত স্কিট, মিমিক্ৰি শ্ব’ আদি দেখিছোঁ কিন্তু পৰ্দাত একক কৌতুক প্ৰদৰ্শন অতি বিৰল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply