বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ ফ্ৰান্সত প্ৰদৰ্শিত হ’ব অসমীয়া যুৱকৰ দ্বাৰা নিৰ্মিত চুটি ছবি এম এম এছ (MMS)। দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ লগতে বহু হৃদয়স্পৰ্শী বাস্তৱ কাহিনীৰ ওপৰত চুটি ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বোকাখাতৰ এজন যুৱকে নিৰ্মাণ কৰা আন এখন চুটি ছবি MMS ইতিমধ্যে ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া Film award ৰ বাবে মনোনীত হৈছে। চলিত বৰ্ষৰ ৩০ জুনৰ পৰা ৩ জুলাই পৰ্যন্ত ফ্ৰান্সৰ Reims চহৰত অনুষ্ঠিত হ’বলগীয়া ছবি প্ৰদৰ্শনীৰ লগতে এৱাৰ্ড অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে বোকাখাতৰ উদীয়মান যুৱক তথা ছবিখনৰ নিৰ্মাতা ভাস্কৰজ্যোতি ৰাজখোৱাই।

উল্লেখ্য যে, বোকাখাতৰ ম’হমাইকী গাঁৱৰ ৮নং ৱাৰ্ডৰ বাসিন্দা ভুৱন ৰাজখোৱা আৰু বিনা নাথ ৰাজখোৱাৰ দ্বিতীয় সন্তান ভাস্কৰে জন্মৰ পিছৰে পৰাই শ্ৰৱণশক্তি হেৰুৱাই পেলাইছিল। লগতে অস্পষ্ট হৈ পৰিছিল যুৱকজনৰ বাক্ শক্তিও। ১২ বছৰ বয়সৰ পৰাই গুৱাহাটীত অধ্যয়নৰত ভাস্কৰ বৰ্তমান গুৱাহাটীস্থিত নৰ্থ-ইষ্ট ডিগ্ৰী কলেজ ফ’ৰ হেয়াৰিং ইম্পাইৰেডৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ।

ভাস্কৰজ্যোতি ৰাজখোৱাই নিৰ্মাণ কৰি উলিওৱা কেইবাখনো চুটি ছবিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে। উদীয়মান যুৱকজনৰ এই সাফল্যত গৌৰৱবোধ কৰিছে পিতৃ-মাতৃৰ লগতে গাৱঁবাসীয়ে।

লগতে পঢ়কঃচুলি সদায় চুটিকৈ কিয় ৰাখে জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দেৱীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply