গোলাঘাটঃ জি টিভিৰ জনপ্ৰিয় ডান্স ৰিয়েলিটি শ্ব’ ‘ডান্স ইণ্ডিয়া ডান্স লি’ল মাষ্টাৰ্ছ ছিজন ৫’ৰ মঞ্চত জিলিকিল অসমৰ নৱজিত নাৰ্জাৰী। গোলাঘাটৰ চাংখাটীৰ নৱজিত নাৰ্জাৰীয়ে বিজয়ী খিতাপ অৰ্জন কৰে। ৯ বছৰীয়া নৱজিতে ফ্ৰীষ্টাইল, হিপ হপ, কনটেম্প’ৰেৰী নৃত্যৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। ডান্স ৰিয়েলিটি শ্ব’টোৰ শীৰ্ষত থকা ৫ গৰাকীৰ চূড়ান্ত প্ৰতিযোগী সাগৰ, আপ্পুন, অধ্যাশ্ৰী আৰু ঋষিতা পৰাস্ত কৰি নৱজিতে বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে। নৱজিত নাৰ্জাৰীয়ে পুৰস্কাৰ হিচাপে লাভ কৰে এটা ট্ৰফী আৰু ৫ লাখ টকা। সৰুৰে পৰা নৃত্যৰ প্ৰতি আগ্ৰহী নৱজিত বোকাজানৰ প্ৰণৱ বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু তেওঁ ডি স্পীড ডান্স একাডেমীত নৃত্যৰ প্ৰশিক্ষণ লৈ আছিল।

ইফালে, এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ সোৱণশিৰিৰ ৮ বছৰীয়া আপপুন পেগুৱে প্ৰথম ৰানাৰ্ছ আপ আৰু ৫ বছৰীয়া অধ্যাশ্ৰী উপাধ্যায়ে দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে। দুয়োগৰাকীয়ে লাভ কৰে ৩লাখ আৰু ২ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু ট্ৰফী।

আপ্পুন পেগু সোৱণশিৰি বেলী একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। আপ্পুনে আয়ান ডান্স একাডেমীত নৃত্যৰ প্ৰশিক্ষণ লৈ আছিল ।

আনহাতে এই প্ৰতিযোগিতাত বিজয় লাভ কৰা আন এগৰাকী প্ৰতিযোগী অধ্যাশ্ৰী উপাধ্যায়ে ধেমাজিৰ লিকাবালিৰ আৰ্মী প্ৰি -প্ৰাইমাৰী স্কুলত প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি আছে। ৩ বছৰ বয়সৰ পৰাই আধ্যাশ্ৰীয়ে সাগৰ ছেত্ৰী আৰু সমীৰ ছেত্ৰীৰ তত্ত্বাৱধানত চিলাপথাৰ স্মাৰ্ট ডান্স একাডেমীত নৃত্যৰ প্ৰশিক্ষণ লৈ আছিল।

এইবাৰ ‘ডান্স ইণ্ডিয়া ডান্স লি’ল মাষ্টাৰ্ছ ছিজন ৫’ৰ বিচাৰকৰ আসনত আছিল মৌনি ৰয়, সোণালী বেণ্ড্ৰে, আৰু ৰেম’ ডি’ছুজা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply