নিউজ ডেস্ক: Village Rockstars আৰু Bulbul Can Sing-ৰ জৰিয়তে ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰীমা দাসে পুনৰ অসমৰ বাবে আনিছে এক ভাল খবৰ।

ৰীমা দাসৰ নতুন ছবি Tora’s Husband বিখ্যাত টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Toronto International Film Festival চমুকৈ tiff)-ৰ বাবে নিৰ্বাচিত হৈছে।

ক’ভিড মহামাৰীৰ বাবে আহি পৰা লকডাউন আৰু ব্যক্তিগত আঘাতে পিষ্ট কৰা মফচলীয়া চহৰৰ এগৰাকী মৰমিয়াল দেউতাকৰ জীৱন সংগ্ৰাম আৰু পাৰিবাৰিক জটিলতাৰ মাজেৰে ৰীমা দাসৰ শেহতীয়া ছবি Tora’s Husband-ৰ কাহিনীভাগ আগবাঢ়ে।

অহা ৮ ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৪৭ সংখ্যক টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘Platform’ শাখাত ছবিখন প্ৰিমিয়াৰ হ’ব। tiff-ৰ ৱেবছাইটত উল্লেখ কৰা মতে উক্ত শাখাত নিৰ্বাচিত মুঠ ১০খন ছবিৰ ভিতৰত ৰীমা দাসৰ ছবিখনেই হৈছে একমাত্ৰ ভাৰতীয় ছবি।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস আৰু তৰালি কলিতাই। এক বিবৃতিৰ জৰিয়তে পৰিচালক দাসে জনোৱা মতে ১৬০ মিনিটৰ এই ছবিখন তেওঁ ক’ভিডৰ সময়ত হেৰোৱা নিজৰ পিতৃৰ প্ৰতি উৎসৰ্গা কৰিছে।

লগতে পঢ়ক – উদয় উমেশ ললিত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply