নিউজ ডেস্কঃ বলীউড অভিনেতা সুনীল চেট্টীৰ তনয়া অভিনেত্ৰী আথিয়া চেট্টীয়ে প্ৰেমিক ক্ৰিকেটাৰ কে এল ৰাহুলক জন্মদিনৰ শুভেচ্ছা আৰু লগতে যুটিটোৰ কেইখনমান ছবি ইনষ্ট্ৰাগ্ৰামত পোষ্ট কৰিছে।

জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে “আপোনাৰ বাবে কৃতজ্ঞ, শুভ জন্মদিন,” আথিয়াই ফটোখনৰ সৈতে ইনষ্টাগ্ৰামত লিখিছিল য’ত আথিয়া আৰু ৰাহুলে আইনাৰ সহায়ত চেলফি লোৱাৰ ফটোও শ্বেয়াৰ কৰিছে।
আথিয়া চেট্টীয়ে চৰ্চিত প্ৰেমিক কে এল ৰাহুলক জন্মদিনত শুভেচ্ছা জনাইছে আথিয়া চেট্টীৰ ভায়েক আহান চেট্টীয়েও।

ক্ৰিকেটাৰ কে এল ৰাহুল বৰ্তমান আই পি এলত ব্যস্ত।
পাঞ্জাৱ কিংছৰ অধিনায়ক ৰাহুললৈ খেলৰ ব্যস্ততাৰ মাজতে দেওবাৰে ২৯ বছৰীয়া জন্ম দিনত চৰ্চিত প্ৰেমিকা আথিয়াৰ শুভেচ্ছাক লৈও পুনৰ চৰ্চা বলীউডত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Join the Conversation

1 Comment

Leave a comment

Leave a Reply