গুৱাহাটীঃ মুক্তি লাভ কৰিলে প্ৰথমখন অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’। শ্ৰী মন্ত কলাক্ষেত্ৰৰ ডo বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিলে চিনেমাখনে। টি ডি ফিল্ম ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজক হৈছে তৰুণাভ দত্ত। সম্পূৰ্ণ ন বছৰীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত প্ৰায় ৮০% ভি এফ এক্স আৰু ৩ডি এনিমেচনেৰে ভৰপূৰ।

চিনেমাখনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, ৰিম্পী দাস, সৌৰভ হাজৰিকা, অনন্যা পৰাশৰ, সমীৰ ৰঞ্জন, গোবিন্দা মালাকাৰ, সংগীতা পাচনি, বিশাল পি চলিহা, ৰীমা কাইফ আৰু দিব্যম শীলে।

ছবিখনৰ সংগীত ব্যৱস্থাপনা নিলুৎপল চলিহা, ধীৰাজ দত্ত। গীতকেইটিত কন্ঠদান কৰিছে ৰূপম ভূঞা, অৰুন্ধতী বেজবৰুৱা আৰু ৰিমলী ভূঞা।

‘অৱতৰণ’ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন মনোৰঞ্জন ধৰ্মী ছবি। ছবিখনৰ নিৰ্মাতা তৰুণাভ দত্তই ছবিখনত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কল্পনা শক্তিৰ চূড়ান্ত প্ৰয়োগেৰে দৰ্শকক এক নতুন ধৰণৰ আমোদ দিব চেষ্টা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply