নিউজ ডেস্কঃ বলীউড অভিনেতা বৰুণ ধাৱন বৰ্তমান তেওঁৰ এখন আপকামিং চিনেমা  ‘Bawaal’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে। জানিব পৰা মতে, চিনেমাখনৰ এটা ছিকুৱেঞ্চৰ শ্বুটিং ১০দিন ধৰি চলিব আৰু এই ছিকুৱেঞ্চটোৰ প্ৰতি দিনাৰ খৰছ হ’ব ২.৫কোটি।

বৰ্তমান চিনেমাখনৰ শ্বুটিং চলি আছে পেৰিছ, বাৰ্লিন, পোলেণ্ডৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত। চিনেমাখনৰ এটা শ্বুটিঙৰ বাবে পোলেণ্ডত প্ৰস্তুতি চলাই থকা হৈছে। যাৰ বাবে জাৰ্মানীৰ পৰা একচন ডাইৰেক্টৰ আৰু ষ্টান্টমেনসহ ৭০০তকৈও অধিক প্ৰতিভাশালী ক্ৰু সদস্যক নিমন্ত্ৰণ কৰা হৈছে।

শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শ্বুটিঙৰ বাবে বহুসংখ্যাক গ্ৰেনেড, চুৰি আৰু বিভিন্ন প্ৰকাৰৰ বিস্ফোৰকৰ প্ৰয়োজন। ১০দিন ধৰি চলিবলীয়া এই শ্বুটিঙৰ বাবদ প্ৰতিদিনে ব্যয় হ’ব প্ৰায় ২.৫ কোটি টকা।

‘Bawaal’ চিনেমাখনৰ পৰিচালনা কৰিছে নীতেশ তিৱাৰীয়ে আৰু প্ৰযোজনা চাজিদ নাদিয়াদৱালাৰ। বৰুণ ধাৱানৰ উপৰিও চিনেমাখনত বৰুণ ধাবানৰ লগত অভিনয় কৰিছে জাহ্নৱী কাপুৰেও। বৰুণ আৰু জাহ্নৱীয়ে প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰত একেলগে কাম কৰি আছে।

বৰুণক শেষবাৰৰ বাবে ধৰ্মা প্ৰডাকচনৰ ‘Jug jug jiyo’ চলচ্চিত্ৰখনত দেখা গৈছিল, য’ত কিয়াৰা আদৱানী, অনিল কাপুৰ, নীতু সিং, মনীষ পল আৰু প্ৰাজক্তা কোহলীয়ে অভিনয় কৰিছিল। ছবিখনে বক্স অফিচত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বৰুণ ধাৱানৰ আপকামিং চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ‘ভেড়িয়া’, অৰুণ খেত্ৰপালৰ জীৱনীমূলক ছবি ‘ইক্কিছ’ আৰু ‘ৰণভূমি’। জানিব পৰা মতে এই চিনেমাখন অভিনেতাজনৰ অভিনয় কেৰিয়াৰৰ আটাইতকৈ ব্যয়বহুল ছবি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply