নিউজ ডেস্কঃ সন্ধিয়াৰ সময় আছিল। সেই সময়ত শ্বিলং পিকত অলপ অলপ নিয়ৰ পৰিবলৈ আৰম্ভ কৰিছিল। সুধাকন্ঠ ভূপেন হাজৰিকাৰ লগত আছিল গুৰুদত্তৰ ভাতৃ আত্মাৰাম। আত্মাৰামক শ্বিলং পিক ফুৰাই ঘূৰি আহোতে ৰাস্তাত ভেড়াচৰোৱা এটা ল’ৰাই কিবা এটা গুণগুণাই আছিল। অলপ সময়লৈকে সেই সুৰটো সুধাকন্ঠৰ মনত গুঞ্জৰিত হৈ আছিল। হোটেললৈ ঘূৰি আহি তেওঁৰ হাৰমনিয়ামত সুৰ তুলি তেতিয়াই সৃষ্টি কৰিছিল ‘তোমাৰ উশাহ কহুৱা কোমল’।

আজি প্ৰখ্যাত সুৰকাৰ, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক ড০ ভূপেন হাজৰিকাৰ ৯৬ তম জন্ম দিৱস। ১০০ খনতকৈও অধিক চলচ্চিত্ৰত সংগীত ৰচনা কৰা ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনত ৮ছেপ্তেম্বৰত শদিয়াত। আজি তেওঁৰ ৯৬সংখ্যক জন্মদিনত গুগলে তেওঁক এক বিশেষ ডুডলেৰে সন্মানিত কৰে। গুগলে সন্মান জনাই লিখিছে, ‘শুভ জন্মদিন ভূপেন হাজৰিকা, আপোনাৰ সংগীত আৰু চলচ্চিত্ৰই আজিও অসমৰ সংস্কৃতি সমৃদ্ধ কৰে।’

মাত্ৰ ১০বছৰ বয়সতেই ভূপেন হাজৰিকাই প্ৰথম গীতটো ৰেকৰ্ডিং কৰিছিল। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ ‘ইন্দ্ৰমালটি’ চলচ্চিত্ৰৰ ‘কাষতে কলচী লৈ’ আৰু ‘বিশ্ববিজয় নজোৱান’ দুটা গান লিখিছিল আৰু ৰেকৰ্ডিং কৰিছিল।

ভূপেন হাজৰিকাই ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু তাৰ পিছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ বিষয়ত পিএইচডি কৰে। পঢ়া শুনা সম্পূৰ্ণ কৰি তেওঁ ভাৰতলৈ উভতি আহে আৰু পুনৰ সংগীতৰ কাম আৰম্ভ কৰে। তেওঁৰ ছয় দশকৰ সংগীত জীৱনত সংগীত নাটক একাডেমী বঁটা, দাদাচাহেব ফালকে বঁটা, পদ্মশ্ৰী আৰু পদ্মভূষণৰ দৰে বহুতো সন্মানীয় বঁটা লাভ কৰিছে।

তেওঁ ষ্টাৰ টিভিত সম্প্ৰচাৰিত ‘Dawn’ শীৰ্ষক ৫২টা খণ্ডৰ টেলি-চিৰিয়েল প্ৰযোজনা কৰিছিল।তেওঁ ১৯৪৭ চনৰ পৰা ১৯৯৭ চনলৈ উত্তৰ-পূব ভাৰতত আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰগতিৰ ওপৰত ‘গ্লুকচ অফ দ্য মিষ্টি ইষ্ট’ শীৰ্ষক আন এখন ১৮ খণ্ডৰ তথ্যচিত্ৰও প্ৰস্তুত কৰিছিল। ১৯৬০, ১৯৬৪ আৰু ১৯৬৭ চনত তিনিবাৰকৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। লগতে ১৯৭৭ চনত চামেলি মেমচাব নামৰ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সংগীতকাৰ হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

ড৹ হাজৰিকাক ১৯৭৭ চনত পদ্মশ্ৰী আৰু ২০০১ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় ৷ তেওঁক ২০০৯ চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হৈছিল ৷ ১৯৯২ চনত তেওঁ ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ৷ ২০১৯ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু ২০১২ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত কৰা হয় । ড॰ হাজৰিকা ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫৯তম অধিৱেশনৰ সভাপতি আছিল । সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি ড॰ হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply