নিউজ ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত এক সংগীতানুষ্ঠানত ২০নৱেম্বৰত গীত পৰিৱেশন কৰিব বলীউড কন্ঠশিল্পী লাকী আলীয়ে।

“The Lucky Ali Show” নামৰ এই কাৰ্যসূচীটো হৈছে পুঁজি সংগ্ৰহৰ লক্ষ্যৰে অনুষ্ঠিত কৰা সংগীতানুষ্ঠান। এই পুঁজি স্নেহবন্ধন আৰু উদয়াচল আদি শিশুআশ্ৰয়গৃহলৈ আগবঢ়োৱা হ’ব।

৯০ৰ দশকতেই Indie pop music ৰে সংগীতৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা কৰা কন্ঠশিল্পীগৰাকীৰ গীত সমূহ এতিয়াও নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয়।

লাকী আলী কেছেটবোৰ আমাৰ জীৱনত প্ৰৱেশ কৰাৰ আগতে, আমাৰ বেছিভাগৰ কোনো ধাৰণা নাছিল যে Indie musicৰ ধাৰাটোৰ অৰ্থ কি।

২০০০ চনত ‘কহো না প্যাৰ হ্যেই ‘ চলচ্চিত্ৰখনত কন্ঠদান কৰি বলীউডত আত্মপ্ৰকাশ কৰা লাকী আলীৰ সকলোবোৰ গীতেই বৰ্তমানেও নৱপ্ৰজন্মৰ খুবেই প্ৰিয়।

উল্লেখ্য যে, কন্ঠশিল্পীগৰাকীৰ ৯০দশকৰ জনপ্ৰিয় ‘O sanam’ গীতটিয়ে প্ৰজন্মে প্ৰজন্মে ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ‘Sunoh’ নামৰ এই গীতৰ এলবামটোৰ জৰিয়তে কন্ঠশিল্পী গৰাকীয়ে সংগীত কেৰিয়াৰৰ পাতনি মেলিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply