গুৱাহাটীঃ অসমৰ মিছিং ভাষাৰ চলচ্চিত্ৰ ‘বুম্বা ৰাইড’ মেলব’ৰ্ণত অনুষ্ঠিত হ’বলগীয়া ১৩ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলব’ৰ্ণৰ BEST INDIE FILM লৈ মনোনীত হৈছে।

চলচ্চিত্ৰখন ১৪ আগষ্টত প্ৰদৰ্শিত হ’ব। ‘বুম্বা ৰাইড’ৰ লগতে হিন্দী ভাষাৰ ‘ডুগডুগ’, পঞ্জাৱী ভাষাৰ ‘জগ্গী’, বাংলা ভাষাৰ ‘ওৱানচ্ আপন এ টাইম ইন কলকাতা’, কানাড়া ভাষাৰ ‘পেড্ৰ”কে ধৰি মুঠ সাতখন ভাৰতৰ চিনেমাই মনোনয়ন লাভ কৰিছে।

ইতিমধ্যে ‘বুম্বা ৰাইড’ ছবিখনে বিশেষ সমাদৰ লাভ কৰিছে। যোৱা ২২ মে’ত ফ্ৰান্সৰ বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ভিন্ন শাখাত ‘বুম্বা ৰাইড’ প্রদর্শিত হয়। প্ৰযোজক লুইত কুমাৰ বৰ্মন আৰু পৰিচালক বিশ্বজিত বৰাৰ ‘বুম্বা ৰাইডে’ কাঁ চলচ্চিত্ৰ মহোৎসৱত পাঁচখন আঞ্চলিক ভাষাৰ ভাৰতীয় ছবিৰ ভিতৰত স্থান পাইছিল।