E Desk – আলিয়া ভাটৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘Darlings’ ক লৈ এতিয়া ছ’চিয়েল মিডিয়া উত্তাল। ৫ আগষ্টত নেটফ্লিক্সত মুক্তিলাভ কৰা ছবি ডাৰ্লিংছ বৰ্জনৰ দাবী উত্থাপিত হৈছে, লগতে ছবিখনৰ প্ৰযোজিকা তথা মুখ্য অভিনেত্ৰী আলিয়া ভাটক বৰ্জন কৰা দাবীও টুইটাৰত ট্ৰেণ্ডিং হৈ পৰিছে।
অৱশ্যে এই দাবী ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা চলি আহিছিল। ট্ৰেইলাৰটোত আলিয়া ভাটৰ ভাতৃ হামজা শ্বেখৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতা বিজয় বাৰ্মাক কোৱা দেখা গৈছে মই মোৰ পত্নীক বহুত ভাল পাওঁ, কিন্তু মই তেওঁক এৰি দিছো।
তাৰ পিছত ৰঙা পোছাক পিন্ধি আৰু ৰঙা লিপষ্টিক লগাই আলিয়াই স্বামীৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে। ইয়াৰ পিছত,আলিয়াই স্বামীৰ সন্ধানহীন হোৱাৰ গোচৰ দাখিল কৰে। পিছত আৰক্ষী চকীলৈ অহা যোৱা কৰি থকাৰ মাজতে আলিয়াই ষ্টাইল সলনি কৰে। অৱশেষত স্বামী ধৰা পৰে আৰু তেওঁ স্বামীক প্ৰহাৰ কৰে। পৰৱৰ্তী মুহূৰ্তত, তেওঁলোকে নিজকে ঘৰুৱা হিংসাৰ ভুক্তভোগী হোৱা বুলি কয়।
যদিও ছবিখনে নেটফ্লিক্সতো আশানুৰূপ সঁহাৰি নোপোৱাৰ লগতে ট্ৰেইলাৰটোত আলিয়া ভাটে তেওঁৰ স্বামীক প্ৰহাৰ কৰাটোত হেনো দৰ্শকসকলে ভাল নাপালে। বহুতে কৈছে যে আলিয়া ভাটে হেনো পুৰুষৰ বিৰুদ্ধে ঘৰুৱা হিংসাক সমৰ্থন কৰিছে।
ছচিয়েল মিডিয়াত মানুহে আলিয়া ভাট এয়াই প্ৰথম বৰ্জন কৰা নাই! উল্লেখ্য যে ডাৰ্লিংছ ছবিখন পৰিচালনা কৰিছে যশমীত কে ৰীনে। আনহাতে গৌৰী খান, আলিয়া ভাট আৰু গৌৰৱ বাৰ্মাই প্ৰযোজনা কৰিছে।