নিউজ ডেস্কঃ মঙলবাৰে আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰক উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰ প্ৰৱেশত বাধা দিলে বজৰং দলে। ৰণবীৰ কাপুৰৰ এটা পুৰণি সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিছত এই প্ৰতিবাদ আৰম্ভ হয়। ৰণবীৰ কাপুৰে ২০১১ চনতে কৈছিল যে তেওঁ এজন গোমাংস প্ৰেমী।
তেওঁৰ ছবি ‘Rockstar’ প্ৰচাৰৰ সময়ত তেওঁ কৈছিল, “মোৰ পৰিয়াল পেছোৱাৰৰ, সেয়েহে আমাৰ পৰিয়ালত পেছাৱাৰী খাদ্য এতিয়াও প্ৰচলিত। মই এজন মটন আৰু গোমাংসৰ অনুৰাগী। হয়, মই গোমাংসৰ এজন ডাঙৰ অনুৰাগী।” ২০১১ চনৰ সেই মন্তব্যই এতিয়া বিপদত পেলাইছে অভিনেতা ৰণবীৰ কাপুৰক।
বজৰং দলৰ এজন নেতাই সাংবাদিকৰ আগত কয়, “আমি তেওঁলোকক পবিত্ৰ মহাকালেশ্বৰ মন্দিৰত উপাসনা কৰিবলৈ নিদিওঁ আগতে ৰণবীৰে কৈছিল যে তেওঁ আমিষ খাদ্য,যেনে- ছাগলী মাংস, মুৰ্গী আৰু গোমাংস খাবলৈ ভাল পায়।”
বজৰং দলৰ কৰ্মীসকলৰ প্ৰতিবাদৰ ফলত মন্দিৰৰ কাষৰ অঞ্চলটোত যথেষ্ট ভীৰ হৈছিল। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠী চাৰ্জ কৰিবলগীয়া হৈছিল।
প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰতিবাদকাৰীসকল লাঠীচালনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো ৰণবীৰ আৰু আলিয়াক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল। বজৰং দলৰ সদস্যসকলে তাৰকা দম্পতীক মন্দিৰত প্ৰৱেশ কৰা দেখি ‘জয় শ্ৰী ৰাম’ শ্ল’গান দিছিল। আন্দোলনৰ সন্মুখীন হৈ ৰণবীৰ-আলিয়াই মন্দিৰ দৰ্শন কৰিব নোৱাৰিলে। ফলত তেওঁলোকে মন্দিৰ দৰ্শন নকৰাকৈয়ে উভতি আহিবলগীয়া হ’ল।
উল্লেখ্য যে, ৰণবীৰ-আলিয়াৰ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ ‘ব্ৰহ্মাস্ত্ৰ’ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব। ৰণবীৰ কাপুৰে ছবিখনত ‘শিৱ’ৰ চৰিত্ৰত অভিনয় কৰিছে। । ছবিখন তিনিটা Partত মুক্তি দিয়া হ’ব। ৰণবীৰ আৰু আলিয়াৰ উপৰিও ছবিখনত অমিতাভ বচ্চন, নাগাৰ্জুন আৰু মৌনী ৰয়ে অভিনয় কৰিছে। শ্বাহৰুখ খানেও চিনেমাখনত এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে।