শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এইবাৰ ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে IPCৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ।
মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত নীতিন বড়াই নামৰ এজন লোকে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে । নীতিন বড়ায়ে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ । নীতিনৰ অভিযোগ ,২০১৪ চনৰ জুলাই মাহত শিল্পা চেট্টী, কুন্দ্ৰা আৰু অন্য কেইজনমান ব্যক্তিৰ সৈতে ‘এছএফএল ফিটনেছ’ কোম্পানীৰ সঞ্চালক কাশিফ খানে তেওঁলোকক লাভ ৰখাৰ বাবে কোম্পানীটোত ১.৫১ কোটি টকা বিনিয়োগৰ প্ৰস্তাব দিছিল।
নীতিনৰ দাবী তেওঁক আশ্বাস দিয়া হৈছিল যে ‘এছএফএল ফিটনেছ’ কোম্পানীয়ে তেওঁক এটা ‘ফ্ৰেঞ্চাইজি’ দিব আৰু পুনেৰ হাদাপচাৰ আৰু কোৰেগাওঁত এটা জিম আৰু স্পা খুলিব, কিন্তু সেয়া হোৱা নাছিল। নীতিন বড়াৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
লগতে পঢ়ক-গীতে-মাতে উদযাপিত হ’ল সোণাৰিত শিশু দিৱস
পৰ্ণ ভিডিঅ’ নিৰ্মাণ আৰু বিতৰণ কৰাৰ গোচৰত ৰাজ কুন্দ্ৰা প্ৰায় দমাহ কাৰাবন্দী হৈ আছিল। ৰাজ কুন্দ্ৰাই জামিনত মুক্তি লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা ৰাজহুৱা স্থানৰ পৰা আঁতৰি থকাৰ মাজতেই এই খবৰ সন্মুখলৈ আহিছে।