নিউজ ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ভাৰত চৰকাৰে এই বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা আগবঢাইছে। ৭৯ বছৰীয়া অভিনেত্ৰীগৰাকীক ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে, ২০১৯ চনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
এই বছৰৰ দাদাচাহেব ফালকে বঁটা অতি বিশেষ হ’ব, কিয়নো দুই দশকৰ পিছত এগৰাকী মহিলা শিল্পীক এই বঁটা প্ৰদান কৰা হৈছে। আশা পাৰেখৰ পূৰ্বে গায়িকা আশা ভোশলেক ২০০০ চনত দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল।
আশা ভোশলেৰ পূৰ্বে স্বৰ্গীয় গায়িকা লতা মংগেশকাৰ, দুৰ্গা খোতে, কানন দেৱী, ৰুবি মেয়াৰ্ছ, দেৱীকা ৰাণী এই সকল মহিলাই এই সন্মানীয় বঁটা লাভ কৰিছিল। তথ্য অনুসৰি, ১৯৬৯ চনত অভিনেত্ৰী দেৱীকা ৰাণী আছিল এই বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা শিল্পী।
আশা পাৰেখে হিন্দী চলচ্চিত্ৰ উদ্যোগত প্ৰথমে এগৰাকী শিশু শিল্পীৰ চৰিত্ৰৰে আত্মপ্ৰকাশ কৰিছিল। তেওঁ মা, আচমান, ধোবী, ডাক্টৰ, ফাদাৰ-বেটিকে ধৰি প্ৰায় ৮ খন চলচ্চিত্ৰত শিশু শিল্পী হিচাপে কাম কৰিছিল।
দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰাৰ পূৰ্বে আশা পাৰেখক ১৯৯২ চনত ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল । লগতে কেইবাবাৰো জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছিল।
লগতে পঢ়কঃচেমখৰ: আইমী বৰুৱাৰ বিৰুদ্ধে ডিমাছা সম্প্ৰদায়ক ভূলকৈ উপস্থাপনৰ অভিযোগ