গুৱাহাটী: পশ্চিমীয়া সংগীতৰ অনুৰাগীসকলকৰ বাবে এক ভাল খবৰ। গুৱাহাটীলৈ আহি আছে জনপ্ৰিয় ডেনিছ ছফ্ট ৰক আৰু পপ ৰক বেণ্ড মাইকেল লাৰ্নছ টু ৰক (Michael Learns To Rock)।
শ্ৰোতা আৰু অনুৰাগীসকলৰ মাজত MLTR হিচাপে সুপৰিচিত বেণ্ডটোৱে অহা নৱেম্বৰত গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ বহুকেইখন চহৰত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব।
অহা ২৫ নৱেম্বৰত আইজল, ২৭ নৱেম্বৰত গুৱাহাটী, ২৯ নৱেম্বৰত ইম্ফল আৰু ১ নৱেম্বৰত তেওঁলোকৰ তুৰাত শ্ব’ আছে বুলি আয়োজক সংস্থা 7 Sisters Foundation-ৰ সঞ্চালক Sunny Shimrah-এ জানিবলৈ দিয়ে। উত্তৰ-পূবৰ উপৰি বেণ্ডটোৱে ভাৰতৰ আন ৬খন মহানগৰতো সংগীত পৰিৱেশন কৰিব বুলি তেওঁ জনায়।
শ্ব’ উপভোগ কৰিব খোজাসকলে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা টিকেট সংগ্ৰহ কৰিব পাৰিব।
Paint My Love, You Took My Heart Away, Sleeping Child আদি জনপ্ৰিয় গান উপহাৰ দিয়া MLTR-এ ইয়াৰ পূৰ্বেও ভাৰতত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিছে। ২০০৫ চনত বেণ্ডটোৱে শ্বিলংত শ্ব’ কৰাৰ উপৰি ২০১৫ চনত গুৱাহাটী আৰু মুম্বাইত সংগীতানুষ্ঠান কৰিছিল।
১৯৮৮ চনত গঠন হোৱা বেণ্ডটোৰ বৰ্তমানৰ তিনিগৰাকী সদস্য হৈছে Jascha Richter, Mikkel Lentz, আৰু Käre Wanscher।
১৯৯১ চনত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শ্ব’ কৰা বেণ্ডটোৱে এতিয়ালৈকে ১২ মিলিয়নতকৈও অধিক লিগেল এলবাম বিক্ৰী কৰিছে।
লগতে পঢ়ক – Fact-check: ছেহৱাগ, একাংশ অসমীয়া নিউজ চেনেলত পাকিস্তানী অনুৰাগীৰ ভুৱা ভিডিঅ’ প্ৰচাৰ