চিত্ৰলেখা চেতিয়া – যিখন ফটো চাই, লিংক ক্লিক কৰি আপুনি এতিয়া বাতৰিটো পঢ়ি আছে সেই অভিনেত্ৰীগৰাকীৰ এক অকথিত, পুৰণি অতীতৰ বিষয়ে লিখা হৈছে এই প্ৰতিবেদনত। জিনিলিয়া ডিছুজা, জেনেলিয়া ডি-ছুজা, যিয়েই নহওঁক বাৰু। ইমৰাণ খানৰ সৈতে কৰা Jaane Tu… Ya Jaane Na ছবিৰ পিছত এইগৰাকী অভিনেত্ৰী যে সেইসময়ৰ যুৱকসকলৰ ক্ৰাশ্ব আছিল, সেয়া কোৱা বাহুল্য মাথো। ১৯৮৭ চনৰ ৫ আগষ্টত জন্মগ্ৰহণ কৰা বলীউডৰ অন্যতম মৰমলগা অভিনেত্ৰী জেনেলিয়া ডি’ছুজাই কেতিয়াও ভবাই নাছিল যে তেওঁ চিনেমা জগতত কেৰিয়াৰ গঢ়িব।

তেওঁ আছিল এগৰাকী খেলুৱৈ। খেলতেই কেৰিয়াৰ গঢ়িব খোজা জেনিলিয়াক ভাগ্যই লৈ গৈছিল চিনেমা জগতলৈ। পিছে তেওঁ কি খেলৰ সৈতে জড়িত আছিল জানে নে?

তেওঁ আছিল এগৰাকী ফুটবলাৰ। জেনেলিয়া আছিল স্কুল দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ। কেৱল সেয়াই নহয়, তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈও আছিল।

স্কুলত পঢ়ি থাকোঁতে জেনেলিয়াই পাৰ্কাৰ পেনৰ এটা বিজ্ঞাপনত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ পাইছিল, যিটো তেওঁ নাকচ কৰিব পৰা নাছিল। সেই সময়ত জেনেলিয়াৰ বয়স আছিল মাত্ৰ ১৫ বছৰ আৰু এই বিজ্ঞাপনৰ পৰা তেওঁ বহু খ্যাতিও লাভ কৰিছিল।

YouTube video
পাৰ্কাৰ পেনৰ বিজ্ঞাপন, য’ত প্ৰথমবাৰৰ বাবে জেনেলিয়াই ভুমুকি মাৰিছিল

২০০৩ চনত নিৰ্মিত Tujhe Meri Kasam ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল জেনেলিয়াই। কে বিজয় ভাস্কৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনেতা ৰিতেশ দেশমুখে জেনেলিয়াৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল।

এই ছবিখনৰ চেটত জেনেলিয়া আৰু ৰিটেইছৰ বন্ধুত্ব হৈছিল আৰু তেওঁলোকৰ অনস্ক্ৰীণ যুটী আৰু অভিনয় সকলোৱেই আদৰি লৈছিল। বক্স অফিচত সফল হোৱা ছবিখনে দুয়োৰে চলচ্চিত্ৰ যাত্ৰা আগুৱাই লৈ যাবলৈ আৰম্ভ কৰে। এই ছবিখনৰ পিছত জেনেলিয়াই ইখনৰ পিছত সিখনকৈ বহু ছবিৰ অফাৰ লাভ কৰিবলৈ আৰম্ভ কৰে আৰু লগতে হিন্দী, তামিল, তেলেগু, কানাড়া, মাৰাঠী আদিয়ে নিজৰ চমৎকাৰ অভিনয়েৰে শিৰোনাম দখল কৰিবলৈ আৰম্ভ কৰে।

একে সময়তে জেনেলিয়া আৰু ৰিতেশৰ বন্ধুত্বও ব্যক্তিগত জীৱনত প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। ১০ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত ২০১২ চনৰ ৩ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত জেনেলিয়াই ছবিত অতি কমেইহে দেখা দিছিল আৰু পাৰিবাৰিক জীৱনত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিছিল। জেনেলিয়া আৰু ৰিতেশৰ দুটা সন্তান আছে ৰাহিল আৰু ৰিয়ান।

জেনেলিয়াৰ প্ৰধান ছবিসমূহৰ ভিতৰত আছে সত্যম, মস্তি, সুভাষ চন্দ্ৰ বসু, হেপি, ৰাম, লাইফ পাৰ্টনাৰ, মেৰে বাপ পেহলে আপ, জানে তু য়া জানে না, ডান্স পে চান্স, ফৰ্চ, তেৰে নাল লাভ হো গয়া, ফৰ্চ ২, মৌলি ইত্যাদি ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply