দিলীপ কুমাৰ

বলিউডৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰক দেওবাৰে ভৰ্তি কৰা হয় হাস্পতালত। মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক। যোৱা কিছু দিনৰ পৰা তেওঁ উশাহ লোৱাত অসুবিধা পাই আছিল। যাৰ বাবে অৱশেষত দেওবাৰে তেওঁক ভৰ্তি কৰা হয় হাস্পতালত। সাংবাদিকৰ আগত এই কথা জনাই অভিনেতা দিল্পী কুমাৰৰ পত্নী ছায়ৰা বানুৱে। দিলীপ কুমাৰৰ স্বাস্থ্যৰ ওপৰত বৰ্তমান হিন্দুজা হস্পিতালৰ ডা: নীতিন গোখলেৰ নেতৃত্বত চিকিৎসকৰ এটা দলে চিকিৎসা চলাই আছে। উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত ভৰ্তি কৰা হয় চিকিৎসালয়ত অভিনেতাগৰাকীক।

উল্লেখ্য যে, যোৱা মাহতো তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । অৱশেষত তেওঁৰ স্বাস্থ্য উন্নত হোৱাৰ পাছত ৰিলিজ দিয়া হয় চিকিৎসালয়ৰ পৰা। শেহতীয়া খবৰ মতে প্ৰসিদ্ধ নেতা গৰাকীক অক্সিজেন দিব লগা হৈছে বুলি চিকিৎসালয় সুত্ৰই প্ৰকাশ কৰিছে |

উল্লেখ্য যে বিগত বৰ্ষত বলিউডৰ এই ৯৮ বছৰীয়া প্ৰসিদ্ধ অভিনেতাগৰাকীৰ দুজন ভাতৃ ক্ৰমে অছলম খান আৰু এহছান খান কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল।

লগতে পঢ়ক বেদলকাৰীক উচ্ছেদ কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে কংগ্ৰেছ, এ আই ইউ ডি এফ নেতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply